
নগাঁও, ২৫ নৱেম্বৰ (হি.স.)। জুৰীয়াৰ কালিয়াডিংগাত আজি শিশু শ্ৰমিকৰ সৈতে এক ভয়ংকৰ কাণ্ড সংঘটিত হয়। ট্টেক্টৰেৰে মৰনা মাৰি থাকোঁতে মেচিনেৰে সো হাত খন কাটি মাটিত পৰি থাকিল। ফলত শিশু শ্ৰমিক জন গুৰুতৰ ভাবে আহত হয়। অতিপাত ৰক্তক্ষৰণ হোৱাত শিশু শ্ৰমিক জনৰ অৱস্থা সংকটজনক হৈ পৰে। জৰুৰীকালিন বিভাগত নগাঁওৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি শিশু শ্ৰমিক জনক।
শিশু শ্ৰমিক জনক কামত নিয়োজিত কৰা শিক্ষক আব্দুল মালিকক আৰু ট্টেক্টৰৰ চালকক বিচাৰি আৰক্ষীৰ অভিযান। স্থানীয় ৰাইজে শিশু শ্ৰমিক জনক কামত নিয়োজিত কৰা শিক্ষক জনক অতি কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাইছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ