শিৱসাগৰত যুৱতীৰ আক্ৰমণত আহত ব্যৱসায়ী
শিৱসাগৰ, ২৫ নৱেম্বৰ (হি.স.)। শিৱসাগৰ চহৰত নিশা উত্তপ্ত পৰিস্থিতি। পাঁচ গৰাকীকৈ উদণ্ড যুৱতীয়ে চহৰৰ মাজমজিয়াত সৃষ্টি কৰিলে লংকা কাণ্ড। পাঁচ গৰাকীকৈ পাৰ্লাৰত কৰ্মৰত যুৱতীৰ উদ্ভণ্ডালীক কেন্দ্ৰ কৰি এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। পাঁচ গৰাকীকৈ উদণ্ড য
শিৱসাগৰত যুৱতীৰ আক্ৰমণত আহত ব্যৱসায়ী


শিৱসাগৰ, ২৫ নৱেম্বৰ (হি.স.)। শিৱসাগৰ চহৰত নিশা উত্তপ্ত পৰিস্থিতি। পাঁচ গৰাকীকৈ উদণ্ড যুৱতীয়ে চহৰৰ মাজমজিয়াত সৃষ্টি কৰিলে লংকা কাণ্ড।

পাঁচ গৰাকীকৈ পাৰ্লাৰত কৰ্মৰত যুৱতীৰ উদ্ভণ্ডালীক কেন্দ্ৰ কৰি এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হয়। পাঁচ গৰাকীকৈ উদণ্ড যুৱতীৰ আক্ৰমণত আহত উপানন্দ হাজৰিকা নামৰ এজন ব্যৱসায়ী।

চহৰৰ মাজমজিয়াত নিশা সৃষ্টি হয় এক ভয়ংকৰ পৰিস্থিতিৰ। জানিব পৰা অনুসৰি হস্পিতেল ৰোডৰ ষ্টাইল বজাৰৰ সন্মুখত পাঁচ গৰাকীকৈ যুৱতীয়ে এজন যুৱকক প্ৰহাৰ কৰি আছিল। উপানন্দ হাজৰিকাই যুৱকজনক উদ্ধাৰৰ লগতে দুয়োপক্ষৰ মাজত মীমাংসাৰ বাবে চেষ্টা চলাওতেই সৃষ্টি হয় এক অনাহুত পৰিস্থিতিৰ।

যুৱতী কেইগৰাকীয়ে নিৰীহ যুৱক উপানন্দ হাজৰিকাক গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰাৰ অভিযোগ। উক্ত ঘটনাৰ পিছতেই সহস্ৰাধীক লোকে ঘটনাস্থলীত যুৱতী কেইগৰাকীক গ্ৰেপ্তাৰৰ দাবীত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

আন নালাগে এই সংঘাত ৰোধৰ বাবে চেষ্টা চলোৱা বহু কেইগৰাকীৰ মবাইলো যুৱতী কেইগৰাকীয়ে ভাঙি পেলোৱা অভিযোগ। ঘটনাৰ পিছতেই উপস্থিত হোৱা সদৰ আৰক্ষীৰ দলে ঘটনাস্থলীৰ পৰা তিনি গৰাকীকৈ যুৱতীক আটক কৰিবলৈ সক্ষম হয়।

ঘটনাৰ সম্পৰ্কত আহত উপানন্দ হাজৰিকাই সদৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰাৰ লগতে আহত উপানন্দক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande