
বুডাপেষ্ট, ২৫ নৱেম্বৰ (হি.স.)। হাংগেৰীৰ আধুনিক পেন্টাথলনিষ্ট গাবৰ বেনেডেক (৯৮) এতিয়া বিশ্বৰ আটাইতকৈ পুৰণি জীৱিত অলিম্পিক স্বৰ্ণ পদক বিজয়ী হিচাপে পৰিগণিত হৈছে। এই তথ্য সোমবাৰে হাংগেৰীৰ সংবাদ সংস্থা এমটিআইয়ে প্ৰকাশ কৰে। এই কৃতিত্ব লাভ কৰে ছোভিয়েট ইউনিয়নৰ প্ৰাক্তন ফুটবল খেলুৱৈ নিকিতা ছিমনিয়ানৰ ৯৯ বছৰ বয়সত মৃত্যুৰ পিছত।
আৰ্মেনিয়ান বংশৰ ছিমনিয়ানে ১৯৫৬ চনৰ মেলবৰ্ণ অলিম্পিকত ছোভিয়েট দলৰ সৈতে সোণৰ পদক লাভ কৰিছিল। ১২ অক্টোবৰত তেওঁ ৯৯ সংখ্যক জন্মদিন পালন কৰে।
ছিমনিয়ানৰ মৃত্যুৰ লগে লগে বেনেডেক এতিয়া অলিম্পিকৰ আটাইতকৈ বয়সীয়াল জীৱিত স্বৰ্ণ পদক বিজয়ী। ১৯২৭ চনৰ ২৩ মাৰ্চত টিছাফুৰেডত জন্মগ্ৰহণ কৰা বেনেডেকে ১৯৫২ চনৰ হেলচিংকি অলিম্পিকত দলীয় সোণ আৰু ব্যক্তিগত ৰূপৰ পদক লাভ কৰে। ইয়াৰ পিছত তেওঁ ব্যক্তিগত আৰু দলীয় দুয়োটা শাখাতে বিশ্ব চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰে।
১৯৭০ চনৰ পৰা জাৰ্মানীৰ বনৰ ওচৰত বাস কৰি আহিছে বেনেডেক।
উল্লেখযোগ্য যে চলিত বৰ্ষৰ ২ জানুৱাৰীত ১০৪ সংখ্যক জন্মদিনৰ ঠিক আগতে মৃত্যু হোৱা হাংগেৰীৰ পাঁচবাৰৰ অলিম্পিক জিমনাষ্টিক চেম্পিয়ন এগনেছ কেলেটি এতিয়াও সৰ্বকালৰ আটাইতকৈ বয়সীয়াল অলিম্পিক চেম্পিয়ন হৈয়ে আছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া