
কামৰূপ, ২৫ নৱেম্বৰ (হি.স.)। ব্যৱসায়িক ক্ষেত্ৰখনত এগৰাকী অসমীয়া যুৱকে আৰম্ভ কৰিছে সোণসেৰীয়া যাত্ৰা। দুখনকৈ ট্ৰেইন ক্ৰয় কৰি ব্যৱসায়িক চমক সৃষ্টি কৰে কামৰূপ জিলাৰ কমলপুৰৰ যুৱ ব্যৱসায়ী কনক ডেকাই। যুৱ ব্যৱসায়ী গৰাকীয়ে নিজ ব্যৱসায়িক ক্ষেত্ৰলৈ নিৰ্মাণ কৰিছে ৰে'ল কৰিডৰ। ব্যক্তিগত ব্যৱসায়িক ক্ষেত্ৰলৈ ৰে'ল কৰিডৰ এয়া উত্তৰ-পূবৰ ভিতৰতে প্ৰথম। ইতিমধ্যে ভাৰতীয় ৰে'ল মানচিত্ৰত সংযোজিত হৈছে কনক ডেকাৰ ব্যক্তিগত ৰে'ল ষ্টেচনৰ নাম ।
প্ৰধানমন্ত্ৰী গতি শক্তি আচনিৰ অধীনত নিৰ্মাণ কৰা এই প্ৰকল্প শীঘ্ৰেই মুকলি কৰিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। তিনিশ বিঘা ভুমিত নিৰ্মাণ কৰা এই প্ৰকল্পত প্ৰায় এহেজাৰ যুৱক যুৱতী কৰ্ম সংস্থাপন লাভ কৰিব। প্ৰায় ২৪৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই প্ৰকল্পত টাটা, মহেন্দ্ৰা, সোণালিকা, হিন্দুস্তান ইউনিলিভাৰকে ধৰি ভালেসংখ্যক বহুজাতিক প্ৰতিস্থানে গ্ৰহন কৰিব ল’জিষ্টিক সেৱা। Advantage Assam 2 স্বাক্ষৰিত কৰা প্ৰায় ৫০০ কোটি টকাৰ চুক্তি মৰ্মে অসমীয়া যুৱ ব্যৱসায়ী কনক ডেকাই স্হাপন কৰে এই প্ৰকল্প।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা