
গোলাঘাট, ২৫ নৱেম্বৰ (হি.স.)। বিশ্বকাপ জয়ী ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অন্যতম সদস্য উমা ছেত্ৰীৰ বোকাখাতৰ কান্ধুলিমাৰিৰ বাসগৃহত ভাৰতীয় নিৰ্বাচন আয়োগৰ নিৰ্দেশ মতে বি এল অই গৈ ভোটাৰ তালিকাৰ পুনৰীক্ষণ কৰে৷ ভাৰতীয় নিৰ্বাচন আয়োগে ভোটাৰ তালিকা সংশোধন, শুধৰণি, নতুন নাম ভৰ্তিৰ বাবে যোৱা ২১ নৱেম্বৰৰ পৰা প্ৰতি ভোটাৰৰ ঘৰে ঘৰে এক অভিযান আৰম্ভ কৰিছে ৷
সোমবাৰে নিশা বোকাখাত কান্ধুলিমাৰিৰ বাসগৃহত উমা ছেত্ৰী উপস্থিত হোৱাৰ পিছত মঙ্গলবাৰে বোকাখাত সমজিলাৰ অতিৰিক্ত নিৰ্বাচনী বিষয়া দেৱাহুতি ডেকাৰ নেতৃৃৃৃত্বত এটি দল ক্ৰিকেটাৰ উমা ছেত্ৰীৰ বাসগৃহত উপস্থিত হৈ ভোটাৰ তালিকাত উমাৰ লগতে পৰিয়ালৰ সকলোৰে নাম শুদ্ধভাৱে থকা, জন্মৰ তাৰিখ সঠিকভাৱে আছেনে নাই সেই বিষয়ে সকলো তথ্য পৰীক্ষা কৰে ৷ উমাৰ পৰিয়ালৰ সকলোখিনি সঠিকভাৱে লাভ কৰিলে যদিও জ্যেষ্ঠ ভাতৃৰ জন্মৰ তাৰিখৰহে কিছু বিসংগতি ধৰা পৰে ৷ সেইসমূহ নিৰ্ধাৰিত প্ৰ-পত্ৰ শুধৰণি কৰাৰ ব্যৱস্থা কৰে অতিৰিক্ত নিৰ্বাচনী বিষয়াৰ লগত যোৱা বিএলঅ'ৰ জৰিয়তে ৷ এই কাৰ্যসূচীত ১৮৭ টা ভোট গ্ৰহণ কেন্দ্ৰত ১৮৭ গৰাকী বিএলঅ'ক নিযুক্তি দিছে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা