
পশ্চিম কাৰ্বি আংলং, ২৫ নৱেম্বৰ (হি.স.)। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙৰ মাতৃ প্ৰয়াত বাচাপী টেৰণপীৰ সোঁৱৰণত তেওঁৰ নাতি ছিংডন ৰংহাঙে পৰিষদীয় ৬ নং বিথুং ৰেংথামা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ তৰাডুবিৰ জনসাধাৰণৰ মাজত কম্বল বিতৰণ কৰা হয় ৷ এই উপলক্ষে আজি পুৱা ১০ বজাত তৰাডুবি মিনি ষ্টেডিয়াম প্ৰেক্ষাগৃহত এখনি কম্বল বিতৰণি সভা অনুষ্ঠিত কৰা হয় ৷ সভাত সভাপতিত্ব কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ৬ নং বিথুং ৰেংথামা মণ্ডল সমিতিৰ সভাপতি টাৰ্জেন লাংথাচাই ৷
সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে ৷ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য বাজং তিচু , লংছিং টকবী , ৬ নং বিথুং ৰেংথামা সমষ্টিৰ গাওঁ উন্নয়ন সমিতিৰ অধ্যক্ষ ৰামচন ৰংপিৰ প্ৰমুখ্যে ৬ নং বিথুং ৰেংথামা মণ্ডল সমিতিৰ অন্যান্য বিষয়ববীয়া সকল ৷ সভাত আদৰণি ভাষণ প্ৰদান কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ৬ নং বিথুং ৰেংথামা মণ্ডল সমিতিৰ সভাপতি টাৰ্জেন লাংথাচাই ৷ সভাত প্ৰাক্তন কাৰ্যবাহী সদস্য বাজং তিচুৱে ভাষণ প্ৰদান কৰে ৷ ভাৰতীয় জনতা পাৰ্টিৰ পশ্চিম কাৰ্বি আংলং জিলা সমিতিৰ সদস্য পংকজ বৰাই আতধৰা সভাত কম্বল বিতৰণ কৰে ছিংডন ৰংহাঙৰ পিতৃ তথা কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড° তুলিৰাম ৰংহাঙে ৷ কম্বল বিতৰণ কৰি দিয়া ভাষণ প্ৰসংগত কয় তৰাডুবি এলেকাত নতুনকৈ কৰিবলগীয়া আৰু আধৰুৱা হৈ থকা কাম সমুহ সম্পূৰ্ণ কৰি তুলিব বুলি প্ৰতিশ্ৰুতি দিয়ে ৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ