অযোধ্যাবাসীৰ প্ৰধানমন্ত্ৰীক পুস্পবৰ্ষা আৰু জয় শ্ৰী ৰাম আৰু জয় জয় হনুমান ধ্বনিৰে আদৰণি
অযোধ্যা, ২৫ নৱেম্বৰ (হি.স.)। অযোধ্যাৰ ভগৱান শ্ৰী ৰাম মন্দিৰৰ মূল শিখৰত মঙলবাৰে অভিজিত মুহুৰ্তৰ সময়ত কেশৰ ৰঙৰ ধৰ্মীয় ধ্বজা স্থাপন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিখৰত এই ধ্বজা উত্তোলন কৰে। এই উপলক্ষত মন্দিৰ পৰিসৰ পৰিৱেশ ভক্তি আৰু উৎসাহেৰ
राम जन्मभूमि परिसर में प्रधानमंत्री


प्रधानमंत्री का स्वागत


অযোধ্যা, ২৫ নৱেম্বৰ (হি.স.)। অযোধ্যাৰ ভগৱান শ্ৰী ৰাম মন্দিৰৰ মূল শিখৰত মঙলবাৰে অভিজিত মুহুৰ্তৰ সময়ত কেশৰ ৰঙৰ ধৰ্মীয় ধ্বজা স্থাপন কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিখৰত এই ধ্বজা উত্তোলন কৰে। এই উপলক্ষত মন্দিৰ পৰিসৰ পৰিৱেশ ভক্তি আৰু উৎসাহেৰে ভৰি পৰিছিল।

ৰামনগৰীত উপস্থিত হোৱাৰ লগে লগে প্ৰধানমন্ত্ৰী মোডীক উষ্ম আদৰণি জনোৱা হয়। জয় শ্ৰী ৰাম আৰু জয় জয় হনুমানৰ গুঞ্জৰিত ধ্বনিৰে অযোধ্যাবাসীয়ে তেওঁৰ কনভয়ত পুস্প বৰষা কৰে। সমগ্ৰ পথটোত প্ৰধানমন্ত্ৰীয়ে অভূতপূৰ্ব আদৰণি লাভ কৰে। আদৰণিত আপ্লুত হৈ প্ৰধানমন্ত্ৰীয়ে হাত জোকাৰি অযোধ্যাবাসীক সম্ভাষণ জনায়। অযোধ্যাত উপস্থিত হোৱাৰ লগে লগে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যপাল আনন্দী বেন পেটেলে তেওঁক আদৰণি জনায়।

অযোধ্যাবাসীৰ এখন হাতত কেশৰ পতাকা আৰু আনখন হাতত ত্ৰিৰংগা পতাকা

আজি পুৱা অযোধ্যাত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোডী। তেওঁৰ হেলিকপ্টাৰখন সাকেট কলেজত অৱতৰণ কৰে। তাৰ পৰাই টেড়ি বজাৰ হৈ কনভয় লৈ শ্ৰীৰাম মন্দিৰ পৰিসৰত প্ৰৱেশ কৰে। এই সময়ছোৱাত অযোধ্যাবাসীয়ে জয় শ্ৰী ৰাম আৰু জয় জয় হনুমান ধ্বনিৰে আদৰণি জনায়। অযোধ্যাৰ ৰাইজে এহাতত কেশৰ পতাকা আৰু আনখন হাতত ত্ৰিৰংগা উৰুৱাই প্ৰধানমন্ত্ৰীক আদৰণি জনায়।

প্ৰধানমন্ত্ৰী মোদীয়ে মূৰ দোৱাই সাতটা মন্দিৰত পূজা-অৰ্চনা

প্ৰধানমন্ত্ৰী মোদীয়ে সাতটা মন্দিৰত প্ৰাৰ্থনা কৰে। তেওঁ মন্দিৰ পৰিসৰৰ ভিতৰত থকা মহৰ্ষি বশিষ্ঠ, মহৰ্ষি বিশ্বমিত্ৰ, মহৰ্ষি অগস্ত্য, মহৰ্ষি বাল্মিকী, দেৱী অহল্যা, নিশাদৰাজ গুহা আৰু মাতা শবৰীৰ মন্দিৰ পৰিদৰ্শন কৰে। শেশৱতাৰ মন্দিৰ আৰু মাতা অন্নপূৰ্ণা মন্দিৰতো প্ৰাৰ্থনা কৰে।

ইয়াৰ পিছতে প্ৰধানমন্ত্ৰী মোডী, আৰ এছ এছৰ মুৰব্বী ডা০ মোহন ভাগৱত আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে শ্ৰী ৰাম মন্দিৰ পৰিসৰৰ ভিতৰৰ ৰাম দৰবাৰত উপস্থিত হৈ দৰ্শন, পূজা, আৰতি আদি পৰিৱেশন কৰে। ইয়াৰ পিছতে পুৰোহিতসকলে তিনিজন বিশিষ্ট ব্যক্তিক ৰাম নাম থকা চাদৰেৰে প্ৰদান কৰাৰ লগতে প্ৰসাদ আগবঢ়ায়।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande