
৮ ডিচেম্বৰত দাখিল কৰা হ’ব চাৰ্জশ্বীট, আনুসংগিক বিষয়ত চলি থাকিব তদন্ত
গুৱাহাটী, ২৫ নৱেম্বৰ (হি.স.)। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য উদঘাটন হোৱাকে ধৰি জুবিন গাৰ্গক ন্যায় দিয়াৰ বাবে প্ৰত্যেক অসমীয়া জুবিন প্ৰেমীয়ে এতিয়া দেশে বিদেশে দাবী জনাই আহিছে আৰু ন্যায়ৰ বাবে অপেক্ষা কৰিছে। এই সময়ছোৱাতে বিৰোধীয়ে প্ৰায়েই মুখ্যমন্ত্ৰীক কটাক্ষ কৰি কয় যে জুবিন গাৰ্গৰ হত্যাকাণ্ড হোৱা বুলি মুখ্যমন্ত্ৰীয়ে কিদৰে ক’লে। তেওঁৰ হাতত কি তথ্য আছে। এনে প্ৰশ্নয়ে আজি পুনৰ বিৰোধীয়ে সদনৰ মজিয়াত কৰা পৰিলক্ষিত হয়। আজি অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ প্ৰথমটো দিনত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই সভা স্থগন প্ৰস্তাৱ আনি আজি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ বিষয়টোৰ ওপৰত চৰ্চা কৰাৰ বাবে অনুমতি বিচাৰে আৰু শাসকীয় পক্ষইও এই প্ৰস্তাৱ মানি লয়। সভা স্থগন প্ৰস্তাৱত জুবিন গাৰ্গৰ হত্যাৰ বিষয়টোৰ ওপৰত বিৰোধী দলসমূহে নিজ নিজ বক্তব্য ৰাখে আৰু সকলোৱে মুখ্যমন্ত্ৰীয়ে এই ঘটনা যে হত্যাকাণ্ড সেয়া কিদৰে জানিলে বুলি পুনৰ প্ৰশ্ন কৰে।
মুখ্যমন্ত্ৰীয়ে সৰ্বশেষত নিজৰ বক্তব্যত এই কথা পুনৰবাৰ কয় যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক মৃত্যু নাছিল আৰু প্ৰাণৰ শিল্পীগৰাকীক হত্যা কৰা হৈছে, এজনে তেওঁক মাৰিছে আৰু আন কেইজনে এই হত্যাত সহায় কৰা বুলিও আজি সদনত মুখ্যমন্ত্ৰীয়ে তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰা দেখা যায়। মুখ্যমন্ত্ৰীয়ে সদনত তেওঁৰ বক্তব্য ৰাখি কয় যে অহা ৮ ডিচেম্বৰত জুবিন গাৰ্গৰ হত্যাৰ তদন্ত কৰি থকা এছ আই টিয়ে চাৰ্জশ্বীট আদালতত দাখিল কৰিব। মুখ্যমন্ত্ৰীয়ে সদনত নিজৰ বক্তব্য ৰাখি কয় যে সংসদীয় পৰম্পৰাত সচৰাচৰ দেখা যায় যে বিৰোধীয়ে অনা সভা স্থগন প্ৰস্তাৱক চৰকাৰে বিৰোধীতা কৰে। কিন্তু আজি বিষয়টো যিহেতু অসমীয়াৰ হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপৰত গতিকে তেওঁলৈ শ্ৰদ্ধাঞ্জলী যাচিবলৈ এই বিষয়ৰ ওপৰত চৰ্চা হোৱাটো তেওঁ বিচাৰে। তেওঁ কয় যে জুবিন গাৰ্গ অসমৰ সম্পদ বুলি প্ৰাণৰ শিল্পীগৰাকীৰ জীৱিত কালতে মুখ্যমন্ত্ৰীয়ে কৈছিল আৰু জুবিন গাৰ্গেও তেওঁক মুখ্যমন্ত্ৰী নহয় ককায়েক হিচাবে ভাবিছিল তথা সম্বোধন কৰিছিল। কাৰণ অসমৰ ৰাইজেও জানিব বিচাৰি আছে যে জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক নে ই হত্যাকাণ্ড। মুখ্যমন্ত্ৰীয়ে কয় যে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত গোচৰ ৰুজু হোৱাৰ দিনৰ পৰাই এইটো স্পষ্ট যে এয়া হত্যাকাণ্ডৰ গোচৰ। কিয়নো গোচৰ ৰুজু কৰা হৈছিল হত্যাকাণ্ডৰ গোচৰ আৰোপ কৰি। মুখ্যমন্ত্ৰীয়ে কয় যে জুবিন গাৰ্গে গোৱা পলিটিক্স নকৰিবা বন্ধু গীতটি অখিল গগৈক লৈ গাইছিল, কাৰণ তেওঁলোকে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা আন্দোলন কৰি দল গঠন কৰি ৰাজনীতিলৈ আহিছিল। বিজেপিৰ বাবে জুবিনে গাইছিল অসমৰ আনন্দ সৰ্বানন্দ বুলিহে।
জুবিন গাৰ্গৰ মৃত্যু স্বাভাৱিক ঘটনা নহয় বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, ‘‘এই ঘটনা বিএনছ ৰ ১০৩ ধাৰাত গোচৰ পঞ্জীয়ন কৰা হৈছে। প্ৰাৰম্ভিক পৰ্যায়ৰ তদন্তত এটা কথা স্পষ্ট হয়, এয়া কোনো স্বাভাৱিক মৃত্যুৰ ঘটনা নহয়। প্ৰাৰম্ভিক তদন্তত আমি স্পষ্ট হৈছোঁ, এয়া এক হত্যাকাণ্ড। এইক্ষেত্ৰত ১০৩ ধাৰা সংযোজন নকৰিলে সিদ্ধাৰ্থ শৰ্মা বা আনসকল দুমাহৰ ভিতৰতে ৰেহাই পালেহেঁতেন। জুবিনৰ হত্যাৰ সন্দৰ্ভত যিমান তদন্ত হৈছে ১০৩ ধাৰাৰ ভিত্তিত হৈছে। আজিৰ বিৰোধী পক্ষৰ হাতত কোনো ৰাজহুৱা তথ্য নাই। আজিলৈ জে’লত থকাসকল হত্যাকাণ্ডৰ গোচৰত জে’লত আছে। এয়া সন্দেহৰ আৱৰ্তত নাই, এয়া এক হত্যাকাণ্ড।’’
মুখ্যমন্ত্ৰীগৰাকীয়ে পুনৰ কয়, ‘‘জুবিনৰ দ্বিতীয় মৰণোত্তৰ পৰীক্ষা কৰাৰ মন নাছিল। কিন্তু বহুতৰ দাবী আছিল কাৰণে কৰা হৈছিল। ৩ অক্টোবৰত আমি মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্ট লাভ কৰোঁ। ১০ অক্টোবৰ তাৰিখে ভিছেৰা ৰিপ’ৰ্ট আমি লাভ কৰোঁ। ছিংগাপুৰৰ আৰু ইয়াৰ ৰিপ’ৰ্ট মিলাই আমি ৫ নৱেম্বৰত লাভ কৰোঁ। জুবিন গাৰ্গৰ হত্যাৰ ম’টিভ চাই ২৫২ জনৰ সাক্ষ্য লোৱা হৈছিল। এতিয়ালৈ আমি ৭ জনক গ্ৰেপ্তাৰ কৰিছোঁ। ১০ জন এন আৰ আইৰ পৰা প্ৰয়োজনীয় ভিডিঅ’ আমি জব্দ কৰোঁ। ভাৰতীয় নাগৰিক সংহিতাত এটা কথা আছে। বিদেশত ঘটা ঘটনা ভাৰতত হোৱা বুলি তদন্ত কৰিব পাৰি। কেৱল গৃহ মন্ত্ৰণালয়ৰ দ্বাৰা অনুমতি লাগে। তেতিয়া তদন্ত কৰিব পাৰে। জুবিনৰ ঘটনা হত্যা বুলি আমি ভাৰত চৰকাৰক প্ৰতীয়মান কৰাইছোঁ। ৮ বা ১০ ডিচেম্বৰত আমি শেষ পৰ্যায়ত নিয়াৰ চেষ্টা কৰি চাৰ্জশ্বীট দাখিল কৰিম। এছ আই টিক আমি আঙুলি টোঁৱাই থাকিলে সিদ্ধাৰ্থহঁতক সহায় কৰাহে হ’ব। ফাষ্টট্ৰেক আদালতত ফলাফল নিৰ্বাচনৰ পূৰ্বে হ’ব পাৰে। চাৰ্জশ্বীট দিয়াৰ পাছত আমি উচ্চ ন্যায়ালয়ক ক’ম ফাষ্টট্ৰেক ক’ৰ্ট দিয়ক। আমাক ন্যায় পালিকাই সন্দেহ কৰা নাই। বিৰোধীয়েহে কৰি আছে।’’
জুবিন গাৰ্গৰ হত্যাক লৈ মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে কয়, ‘‘এজনে জুবিনক মাৰিছে আন কেইজনে সহযোগ কৰিছে। হত্যাটোক হত্যা কৰিছে বুলি নকৈ চুমা খোৱা বুলি কম নেকি? এই তদন্ত শেষ হোৱাৰ পাছত আমি আৰু এটা তদন্ত কৰিবলৈ এছআইটিক নিৰ্দেশ দিছোঁ। সেয়া হ’ল ক’ভিডৰ সময়ছোৱাৰ জুবিনক অৱহেলা কৰা হৈছিল। তাৰ প্ৰমাণ আমাৰ হাতত আছে। জীৱিতকালত জুবিনক যদি কোনোবাই অন্যায় কৰিছে, তেনে এজনো ব্যক্তি সাৰি নাযায়। আমি ক্ৰিমিনেলৰ লগত গেইম খেলিব লাগিব। মই গেইম খেলাত ক্ৰিমিনেল আৰক্ষীৰ জালত পৰিল। আজিলৈ জে’লত আছে। তিনি মাহৰ মূৰত চাৰ্জশ্বীট নহ’লে তেওঁলোকে জামিনত ওলাই যাব। আমি চাৰ্জশ্বীট দিলে অসমৰ ৰাইজে বহুত কথা জানিব পাৰিব। সেইকাৰণে বিহু কমিটীক মতা হৈছে। আমি ৮ তাৰিখে চাৰ্জশ্বীট দিম।’’
ইপিনে, জুবিন গাৰ্গক ভাৰত ৰত্ন প্ৰদান কৰিব লাগে বুলি মুখ্যমন্ত্ৰীক প্ৰস্তাৱ উত্থাপনৰ বাবে অখিল গগৈয়ে জনোৱা অনুৰোধৰ প্ৰত্যুত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, ‘‘ভাৰত ৰত্ন দিয়াৰ বাবে আমাৰ কোনো আপত্তি নাই। ভূপেন হাজৰিকাৰ নিচিনাকৈ মৰমেৰে প্ৰস্তাৱ আনিব লাগিব। এদিন সদনত এই বিষয়েই আলোচনা কৰিব লাগিব।’’ কেৱল তেৱেই নহয় এই সদনত থকা ১২৬ গৰাকী সদস্যয়েই জুবিন গাৰ্গক ভাৰত ৰত্ন দিয়াৰ সপক্ষে স্বাক্ষৰ কৰিব বুলিও তেওঁ কয়। কিন্তু এই প্ৰস্তাৱটো সুন্দৰকৈ আনি এক গঠনমূলক আলোচনা কৰি প্ৰাণৰ শিল্পীগৰাকীক সন্মান জনায় গ্ৰহণ কৰিব লাগিব। এতিয়া বিৰোধীয়ে তথা অখিল গগৈয়ে ৰাজনীতি কৰিবলৈ জুবিন গাৰ্গক ব্যৱহাৰ কৰিলে নহ’ব।
আজি সভাস্থগন প্ৰস্তাৱৰ চৰ্চাত অংশগ্ৰহণ কৰি বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, সৰভোগ সমষ্টিৰ বিধায়ক তথা চি পি আই এম নেতা মনোৰঞ্জন তালুকদাৰ, কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাস, কংগ্ৰেছৰ বিধায়ক দিগন্ত বৰ্মন, এ আই ইউ ডি এফৰ বিধায়ক আশ্ৰাফুল হুছেইন তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নিজ নিজ বক্তব্য ৰখাৰ লগতে বিভিন্ন বক্তব্যৰে চৰকাৰখনক তীব্ৰ সমালোচনা কৰা দেখা যায়। ইফালে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ বক্তব্যৰ মাজতে বাৰম্বাৰ বক্তব্য ৰখাৰ চেষ্টা কৰি সদনত এক হুলুস্থূলীয়া পৰিৱেশৰ সৃষ্টি কৰে আৰু বিধানসভাৰ অধ্যক্ষৰ আসনৰ সন্মুখলৈ গৈ প্ৰতিবাদ কৰাত তেওঁক সদনৰ পৰা বহিস্কাৰ কৰে।
ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ বক্তব্যত অসন্তুষ্ট হৈ কংগ্ৰেছ দলেও কিছুসময়ৰ বাবে আজি সদন ত্যাগ কৰে। ইয়াৰ পিছতেই জুবিন গাৰ্গৰ সন্দৰ্ভত উত্তৰ দি মুখ্যমন্ত্ৰীয়ে সদনত আজি দাখিল কৰিলে ৮৩ৰ ৰক্তাক্ত নেলী কাণ্ডৰ তিৱাৰী কমিটিৰ প্ৰতিবেদন। এনেদৰে আজি শীতকালীন অধিৱেশৰ প্ৰথম দিনটোত প্ৰাণৰ শিল্পীগৰাকীৰ হত্যাৰ ঘটনাৰ সন্দৰ্ভত সদনত সৰৱ চৰ্চা হোৱা পৰিলক্ষিত হয়।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী