জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ বিধানসভাত উত্তপ্ত পৰিস্থিতি; বিৰোধীৰ সভাস্থগিত প্ৰস্তাৱ
গুৱাহাটী, ২৫ নৱেম্বৰ (হি.স.): অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে। শীতকালিন অধিৱেশনৰ প্ৰথম দিনাই আজি মঙ্গলবাৰে আৰম্ভ হোৱাতেই জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক বিৰোধীয়ে সভা স্থগন প্ৰস্তাৱ দাখিল কৰি বিষয়টোৰ আলোচনাৰ দাবী জনা
জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাক লৈ বিধানসভাত উত্তপ্ত পৰিস্থিতি; বিৰোধীৰ সভাস্থগিত প্ৰস্তাৱ


গুৱাহাটী, ২৫ নৱেম্বৰ (হি.স.): অসম বিধানসভাৰ শীতকালীন অধিৱেশন আজিৰে পৰা আৰম্ভ হৈছে। শীতকালিন অধিৱেশনৰ প্ৰথম দিনাই আজি মঙ্গলবাৰে আৰম্ভ হোৱাতেই জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুক বিৰোধীয়ে সভা স্থগন প্ৰস্তাৱ দাখিল কৰি বিষয়টোৰ আলোচনাৰ দাবী জনায়। ত অপোজিছনৰ তীব্র প্ৰতিবাদ সৃষ্টি হয়। ধিৱেশন আৰম্ভ হোৱাৰ লগে লগেই বিষয়টোক লৈ ব্যাপক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয়।

অধিৱেশন আৰম্ভ হোৱাৰ আগতেই বিধায়ক অখিল গগৈ বিশেষ সাজ-সজ্জাৰে উপস্থিত হৈ হাতত পোষ্টাৰ লৈ প্ৰতীক ধৰ্মী প্ৰতিবাদ জনায়। তেওঁ জুবিনৰ জনপ্ৰিয় গান “পলিটিক্স নকৰিবা বন্ধু”-ৰ উদ্ধৃতি দি কয় যে এই গানটো তৎকালীন মুখ্যমন্ত্ৰী সর্বানন্দ সোণোৱাল আৰু বৰ্তমান মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লিখা হৈছিল। গগৈৰ মতে, জুবিনে নিজৰ সংগীতৰ জৰিয়তে বহু রাজনৈতিক বাৰ্তা দিব চেষ্টা কৰিছিল।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ইয়াৰ তৎক্ষণাৎ প্ৰত্যুত্তৰ দি মুখ্যমন্ত্ৰীয়ে কয় যে জুবিন গাৰ্গে গোৱা পলিটিক্স নকৰিবা বন্ধু গীতটি অখিল গগৈক লৈ গাইছিল, কাৰণ তেওঁলোকে নাগৰিকত্ব সংশোধনী আইন চমুকৈ কা আন্দোলন কৰি দল গঠন কৰি ৰাজনীতিলৈ আহিছিল। বিজেপিৰ বাবে জুবিনে গাইছিল অসমৰ আনন্দ সৰ্বানন্দ বুলিহে।

কওঁতে যে গানটো আসলতে অখিল গগৈক লক্ষ্য কৰি লিখা হৈছিল। লগতে মুখ্যমন্ত্ৰীয়ে সদনত ড° ভূপেন হাজৰিকাৰ নাম সম্মানসহকাৰ্যে ল’ব বুলি আহ্বান জনায়। মুখ্যমন্ত্ৰীৰ এই মন্তব্যৰ পিছতেই সদনৰ পৰিৱেশ আৰু অধিক উত্তপ্ত হয়।

গুৱাহাটী বিমানবন্দৰৰ নতুন টাৰ্মিনেলখন জুবিন গাৰ্গৰ নামত নামকৰণ কৰিবলৈ কংগ্ৰেছ বিধায়িকা নন্দিতা দাসে কৰা দাবীলৈ মুখ্যমন্ত্ৰীয়ে উদাহৰণমূলক প্ৰতি উত্তৰ দিয়ে যে গুৱাহাটী বিমানবন্দৰৰ নাম আগতেই লোকপ্ৰিয় গোপীনাথ বৰদলৈ নামত থকাৰ কাৰণে নাম সলনি কৰা সম্ভৱ নহয়।

ইয়াৰ আগতে, প্ৰতি পক্ষৰ নেতা দেবব্ৰত শইকীয়াই সভাস্থাগণ প্ৰস্তাৱ আগবঢ়াই দিনটোৰ সকলো কাৰ্যসূচী বাতিল কৰি জুবিন গাৰ্গৰ মৃত্যুক লৈ বিশেষ আলোচনা দাবী কৰে। তাৰ পিছতেই জুবিনৰ মৃত্যুক কেন্দ্র কৰি বিস্তৃত আলোচনা আৰম্ভ হয়। আলোচনাত অংশগ্ৰহণ কৰি শইকীয়াই কয়—চৰকাৰে জুবিন গাৰ্গৰ ন্যায় নিশ্চিত কৰিব লাগিব।

বিধায়ক মনোৰঞ্জন তালুকদাৰে আলোচনাত অংশ লৈ কয় যে জুবিন গাৰ্গৰ ধৰ্মীয় পৰিচয়ক লৈ কোনো ধৰণৰ ৰাজনৈতিক ৰং সানিব নালাগে। তেওঁ অভিযোগ তোলে যে শাসকীয় পক্ষই ইতিমধ্যে বিষয়টোক ধৰ্মৰ আধাৰত ৰাজনৈতিক দিশলৈ লৈ যাবলৈ চেষ্টা কৰিছে।

জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনালৈ ব্যাপক আলোচনাৰ মাজতেই বিধানসভাৰ শীতকালীন অধিৱেশন আজি এইদৰে উত্তপ্ত পৰিৱেশত আৰম্ভ হয়।

হিন্দুস্থান সমাচাৰ / শ্ৰীপ্ৰকাশ


 rajesh pande