বোকাখাতত চোৰৰ কাৰ্যকলাপ বৃদ্ধি
গোলাঘাট, ২৫ নৱেম্বৰ (হি.স.)। বোকাখাতত চোৰৰ তাণ্ডৱ ৷চোৰৰ কাৰ্যকলাপ বৃদ্ধি পায়। ইঘৰৰ পিছত সিঘৰত চোৰে চুৰি কৰাৰ লগতে এঘৰত যোৱা চাৰিমাহত তিনিবাৰকৈ চোৰে চলালে তাণ্ডৱ ৷ কিন্তু চোৰ কৰায়ত্ব কৰাত বিফল আৰক্ষী ৷ চুৰি হোৱাৰ পিছত আৰক্ষী আহি গৃহস্থৰ ঘৰত প্ৰাথমিক
বোকাখাতত চোৰৰ কাৰ্যকলাপ বৃদ্ধি


গোলাঘাট, ২৫ নৱেম্বৰ (হি.স.)। বোকাখাতত চোৰৰ তাণ্ডৱ ৷চোৰৰ কাৰ্যকলাপ বৃদ্ধি পায়। ইঘৰৰ পিছত সিঘৰত চোৰে চুৰি কৰাৰ লগতে এঘৰত যোৱা চাৰিমাহত তিনিবাৰকৈ চোৰে চলালে তাণ্ডৱ ৷ কিন্তু চোৰ কৰায়ত্ব কৰাত বিফল আৰক্ষী ৷ চুৰি হোৱাৰ পিছত আৰক্ষী আহি গৃহস্থৰ ঘৰত প্ৰাথমিক তদন্ত কৰিয়ে দায়িত্ব সামৰে ৷ অতিষ্ঠ গৃহস্থ ৷ এইগৰাকী মহিলাৰ নাম ড০ শান্তিছায়া বৰুৱা ৷ ঘৰ বোকাখাত জ্যোতিপুৰত ৷ কৰ্মসুত্ৰে বোকাখাত জে ডি এচ জি মহাবিদ্যালয়ৰ ৰাজনীতি বিভাগৰ প্ৰবক্তা ৷ অকলশৰীয়া ঘৰখনত তলা মাৰি নিজৰ কৰ্মস্থলীলৈ ওলাই যায় ৷ আৰু সেই সুযোগতে চোৰে তলা ভাঙি ঘৰৰ ভিতৰত সোমাই তাণ্ডৱ চলায় ৷ এবাৰ দুবাৰ নহয়, তিনিবাৰ চোৰে চলালে তাণ্ডৱ ৷

সোমবাৰে শিৱসাগৰত পৰিয়ালৰ লোকৰ বিবাহৰ বাবে যোৱা অৱস্থাত তৃতীয়বাৰ শান্তিছায়া বৰুৱাৰ ঘৰত সোমাল চোৰ ৷ পিছ ফালৰ গ্ৰীলৰ তলা ভাঙি চোৰে ভিতৰৰ গডৰেজ, আলমিৰা, ডিভান আদি খুলি তহিলং কৰে ৷ নিশা ঘৰ পাই আগফালৰ তলা খুলি ভিতৰ সোমাই ভিতৰৰ পৰিৱেশ দেখি হতভম্ব হৈ পৰে ৷ বোকাখাত আৰক্ষীক খবৰ দিয়াত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পৰাগজ্যোতি বূঢ়াগোহাঁই ঘটনাস্থলীত উপস্থিত হৈ প্ৰাথমিক তদন্ত কৰিয়েই দ্বায়িত্ব সামৰে ৷ তেও ওলোটাই গৃহস্থকহে প্ৰশ্ন কৰি অতিস্থ কৰে ৷ যোৱা কেইটা দিনত জ্যোতিপুৰৰে তিনিঘৰত চোৰ সোমাই মূল্যৱান সামগ্ৰী লৈ উধাও হয় ৷ চোৰ ধৰিব নোৱাৰা বোকাখাত আৰক্ষীৰ এনে কাৰ্যত চোৰৰ সন্ত্ৰাসত আতংকিত হৈ পৰিছে বোকাখাতৰ জনতা ৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande