
মাদক দ্ৰব্য সেৱন ; ড্ৰাগছ সেৱন; বাল্য বিবাহ আদি প্ৰতিৰোধৰ বাবে সজাগতা সভা
মানকাচৰ, ২৫ নৱেম্বৰ (হি.স.)। আজি হাজিৰহাট উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত দক্ষিণ শালমাৰা মানকাচৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত জিলা খনত চলি থকা মাদক দ্ৰব্য সেৱন; ড্ৰাগছ সেৱন; বাল্য বিবাহ আদি প্ৰতিৰোধৰ বাবে সজাগতা সভা অনুস্থিত কৰে।
আজিৰ এই সজাগতা সভাত জিলা আৰক্ষী অধীক্ষক জনে কয় যে ভাৰতৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা মিছাইল মেন এপিজে আব্দুল কালাম ; স্বামী বিবেকানন্দ আদি মহাপুৰুষ সকলৰ জীৱনী অধ্যায়ন কৰিব লাগে আৰু সিহঁতক অনুকৰণ কৰিবলৈ ছাত্ৰ ছাত্ৰী সকলক উপদেশ দিয়ে। এই জিলা খনৰ পৰা সম্পূৰ্ণৰুপে মাদক দ্ৰব্য সেৱন; ড্ৰাগছ সেৱন; বাল্য বিবাহ; বহু বিবাহ আদি ৰোধ কৰিবলৈ সকলোৰে প্ৰতি আহ্বান জনায়। আজিৰ এই সজাগতা সভা অনুষ্ঠানত অঞ্চলটোৰ সচেতন ৰাইজ আৰু ছাত্ৰ ছাত্ৰী সকলে উপস্থিত থাকে। উল্লেখ্য যে উক্ত সজাগতা সভাত উক্ত বিদ্যালয়ৰ ছাত্ৰী সকলে গোৱালপাৰীয়া নৃত্য গীত পৰিৱেশন কৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ