তিনিচুকীয়াত নৈশ বাছ আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ,নিহত ৩ জন,আহত ৫ জন
তিনিচুকীয়া,২৫ নৱেম্বৰ(হি.স.)। তিনিচুকীয়াৰ মাকুম শুকান পুখুৰী অঞ্চলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নৈশ বাছ আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়। নৈশ বাছ খনৰ নম্বৰ হৈছে এএছ ০১ কেচি ৭৭৯৯ আৰু এম্বুলেন্স খনৰ নম্বৰ হৈছে এএছ ০১ আৰচি ৫৪৭৩। আহ
তিনিচুকীয়াত নৈশ বাছ আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষ,নিহত ৩ জন,আহত ৫ জন


তিনিচুকীয়া,২৫ নৱেম্বৰ(হি.স.)। তিনিচুকীয়াৰ মাকুম শুকান পুখুৰী অঞ্চলত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। নৈশ বাছ আৰু এম্বুলেন্সৰ মাজত মুখামুখি সংঘৰ্ষৰ সৃষ্টি হয়। নৈশ বাছ খনৰ নম্বৰ হৈছে এএছ ০১ কেচি ৭৭৯৯ আৰু এম্বুলেন্স খনৰ নম্বৰ হৈছে এএছ ০১ আৰচি ৫৪৭৩। আহত পাঁচজনৰ অৱস্থা সংকটজনক। তেওঁলোকক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয়। এম্বুলেন্স খনত আঠজন লোক আছিল তাৰে তিনিজন আৰোহীৰ মৃত্যু হয়।

দুৰ্ঘটনাটোত এম্বুলেন্সৰ দুজন আৰোহীৰ ঘটনাস্থলীতে মৃত্যু হয়। আন এজন লোকৰ চিকিৎসালত মৃত্যু হয় বুলি জানিব পৰা গৈছে।

উক্ত দুৰ্ঘটনাটোত কেইবাজনো লোক আহত হয়। আহত পাঁচজনৰ অৱস্থা সংকটজনক। তেওঁলোকক উন্নত চিকিৎসাৰ বাবে তিনিচুকীয়ালৈ প্ৰেৰণ কৰা হয়। এম্বুলেন্স খনত আঠজন লোক আছিল তাৰে তিনিজন লোকৰ মৃত্যু হয়। বাকী পাঁচজনৰ অৱস্থা সংকটজনক। নিহত তিনিজনৰ নাম কুমাৰ ছেত্ৰী, গোবিন ভূঞা আৰু এগৰাকী মহিলা মিঞ্জু ভূঞা।গোবিন ভূঞা আৰু মিঞ্জু ভূঞা স্বামী -স্ত্ৰী আছিল

গুৱাহাটীৰ পৰা আহি থকা দ্বীপ ট্ৰেভেলছৰ নৈশ বাছখনে ডিগবৈৰ পাৱৈ দিশৰ পৰা গৈ থকা এখন এম্বুলেন্সত সন্মুখৰ পৰা প্ৰচণ্ড খুন্দা মৰাৰ ফলতেই সংসঠিত হৈ এই দুৰ্ঘটনাটো। বাছখনত থকা কোনো লোক আঘাতপ্ৰাপ্ত হোৱা নাই এই দুৰ্ঘটনাত

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande