( আপডেট) তিনিচুকীয়া জিলাৰ মাকুমৰ শুকানপুখুৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩
তিনিচুকীয়া, ২৫ নৱেম্বৰ (হি.স.)। তিনিচুকীয়া জিলাৰ মাকুমৰ শুকানপুখুৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা। প্ৰাপ্ত খবৰ মতে তিনিচুকীয়া অভিমুখী এ এছ ০১ আৰ চি ৫৪৭৩ নম্বৰৰ এম্বুলেঞ্চ আৰু গুৱাহাটীৰ পৰা নামচাই অভিমুখী গৈ থকা এ এছ ০১ কে চি ৭৭৯৯
( আপডেট) তিনিচুকীয়া জিলাৰ মাকুমৰ শুকানপুখুৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত ৩


তিনিচুকীয়া, ২৫ নৱেম্বৰ (হি.স.)। তিনিচুকীয়া জিলাৰ মাকুমৰ শুকানপুখুৰী ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ভয়ংকৰ পথ দুৰ্ঘটনা।

প্ৰাপ্ত খবৰ মতে তিনিচুকীয়া অভিমুখী এ এছ ০১ আৰ চি ৫৪৭৩ নম্বৰৰ এম্বুলেঞ্চ আৰু গুৱাহাটীৰ পৰা নামচাই অভিমুখী গৈ থকা এ এছ ০১ কে চি ৭৭৯৯ নম্বৰৰ 'দীপ' নামৰ নৈশ বাছৰ মাজত আজি ৰাতিপুৱা এই দুৰ্ঘটনাটো সংঘটিত হয়।ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত এম্বুলেঞ্চখনত থকা ৩ জন লোক থিতাতে নিহত হোৱাৰ লগতে কেইবাজনো লোক আহত হয়।

ঘটনা স্থলীত তিনিচুকীয়া আৰু মাকুম থানাৰ আৰক্ষী উপস্থিত হৈ নিহত আৰু আহত লোক কেইজনক তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰা হয়।নিহত আৰু আহত সকল ডিগবৈ পাৱৈ অঞ্চলৰ নিবাসী।এম্বুলেন্সত থকা গোবিন ভূঞা, তেখেতৰ পত্নী মিঞ্জু ভূঞা আৰু কুমাৰ চেত্ৰী নামৰ তিনিগৰাকী থিতাতে মৃত্যু হয়। আনহাতে এম্বুলেন্সৰ চালক জনৈক চুৰেণৰ এটা ভৰি ভাগি যায়।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande