খাইবাৰ পখতুনখোৱাত পাকিস্তানী নিৰাপত্তাৰক্ষীৰ গুলীত নিহত ২২ জন বিদ্ৰোহী
ইছলামাবাদ, ২৫ নৱেম্বৰ (হি.স.)। পাকিস্তানী নিৰাপত্তা বাহিনীয়ে অশান্ত প্ৰদেশখনত সক্ৰিয় বিদ্ৰোহীক নিৰ্মূল কৰাৰ বাবে চোৰাংচোৱাৰ নেতৃত্বত চলোৱা অভিযানৰ সময়ত নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তানৰ ২২ জন সদস্যক নিহত কৰে। পাকিস্তানী সশস্ত্ৰ বাহিনীৰ জনসংযো
3fa5b9e656c35310b98a22e7b6528637_544809569.jpg


ইছলামাবাদ, ২৫ নৱেম্বৰ (হি.স.)। পাকিস্তানী নিৰাপত্তা বাহিনীয়ে অশান্ত প্ৰদেশখনত সক্ৰিয় বিদ্ৰোহীক নিৰ্মূল কৰাৰ বাবে চোৰাংচোৱাৰ নেতৃত্বত চলোৱা অভিযানৰ সময়ত নিষিদ্ধ তেহৰিক-ই-তালিবান পাকিস্তানৰ ২২ জন সদস্যক নিহত কৰে।

পাকিস্তানী সশস্ত্ৰ বাহিনীৰ জনসংযোগ শাখা আন্তঃসেৱা জনসংযোগ চমুকৈ আই এছ পি আৰৰ তথ্য অনুসৰি খাইবাৰ পখতুনখোৱা প্ৰদেশৰ বান্নুত এই গুলীচালনা সংঘটিত হৈছে। ডন কাকতত প্ৰকাশিত এক বাতৰি অনুসৰি আই এছ পি আৰৰ মঙলবাৰে এক বিবৃতিত কোৱা হৈছে যে সোমবাৰে নিৰাপত্তা বাহিনীয়ে এই সফলতা লাভ কৰে। প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে এই সফল অভিযানৰ বাবে নিৰাপত্তা বাহিনীক অভিনন্দন জনায়।

উল্লেখযোগ্য যে সোমবাৰে পুৱা পাকিস্তানৰ পেছাৱৰত থকা ফেডাৰেল কনষ্টেবলৰীৰ মুখ্য কাৰ্যালয়ত আত্মঘাতী আক্ৰমণত তিনিজন জোৱান নিহত হয়। এই আক্ৰমণৰ সময়ত তিনিওজন আক্ৰমণকাৰী নিহত হোৱা বুলি দাবী কৰিছে বিষয়াসকলে। পাকিস্তানে আত্মঘাতী বোমাৰুক আফগান নাগৰিক বুলি চিনাক্ত কৰিছে। অৱশ্যে এতিয়ালৈকে কোনো সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande