
কোকৰাঝাৰ, ২৪ নৱেম্বৰ (হি.স.)। ফকিৰাগ্ৰামৰ গোংগেয়া নৈত পৰি দুজন কিশোৰ নিৰুদ্দেশ। ফকিৰাগ্ৰাম ৰগোংগেয়া নৈত গাধুবলৈ আহিছিল কিশোৰদ্বয়ে।
জানিব পৰা অনুসৰি নৈৰ প্ৰতাপখাতা ৰেল ব্ৰিজৰ তলত দুয়োৱে গা ধুবলৈ নামিছিল আৰু তাৰ পিছত দুয়ো নিৰুদ্দেশ হৈ পৰে। সন্ধানহীন কিশোৰ দ্বয়ৰ নাম মনিষ ৰায় ( ১৪) আৰু সূৰ্য ৰায় (১৫) বুলি জানিব পৰা গৈছে।ইফালে এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত উপস্থিত হৈছে আৰক্ষী তথা এছ ডি আৰ এফৰ লোক।
এছ ডি আৰ এফৰ লোকে নৈৰ বুকুত কিশোৰ দুটাৰ সন্ধান চলায় অভিযান অব্যাহত ৰাখিছে আৰু বাতৰি লিখাৰ পৰলৈ কিশোৰ দুজনৰ সন্ধান লাভ কৰা নাছিল বুলি জানিব পৰা গৈছে।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু