হাজোৰ পোৱামক্কা পাহাৰৰ নামনিত এটা অচিনাক্ত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ
হাজোৰ পোৱামক্কা পাহাৰৰ নামনিত এটা অচিনাক্ত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ ।
হাজোৰ পোৱামক্কা পাহাৰৰ নামনিত এটা অচিনাক্ত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ


কামৰূপ, ২৪ নৱেম্বৰ (হি.স.): কামৰূপ জিলাৰ হাজোৰ পোৱামক্কা পাহাৰৰ নামনিত যোৱা কালি দেওবাৰে সন্ধিয়া এটা অচিনাক্ত অৰ্ধগলিত মৃতদেহ উদ্ধাৰ কৰা হয়। উদ্ধাৰ হোৱা মৃতদেহটো এজন পুৰুষৰ বুলি ঠাৱৰ কৰা হৈছে । খৰি বিচাৰি যোৱা মহিলা এজনীয়ে পাহাৰৰ নামনিত প্ৰথমে প্ৰত্যক্ষ কৰে উৱলি যোৱা মৃতদেহটো ।

স্থানীয় লোকে লগে লগে আৰক্ষীক খবৰ দিয়াত ঘটনাস্হলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো। আৰক্ষীয়ে উৱলি যোৱা মৃতদেহটোৰ অৱশিষ্ট খিনি উদ্ধাৰ কৰি আৰক্ষী থানা লৈ আনে। আনহাতে মৃতদেহটোৰ ওচৰতে উদ্ধাৰ কৰা হয় এখন বিছনা চাদৰৰ লগতে কিছু কাপোৰ। মৃতদেহটোৰ পৰা কিছু নিলগত মৃতদেহটোৰ লাওখোলাটো উদ্ধাৰ হোৱাক লৈ কোনো লোকে হত্যা কৰি মৃতদেহটো পেলাই থোৱাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande