হাইলাকান্দিত অনুষ্ঠিত বিজ্ঞান প্ৰদৰ্শনৰ সময়ত সংঘটিত দুৰ্ঘটনাত আহত দুজন
হাইলাকান্দি, ২৪ নৱেম্বৰ (হি.স.)। অসমৰ হাইলাকান্দিৰ এখন বিদ্যালয়ত সোমবাৰে পুৱা বিজ্ঞান প্ৰদৰ্শনৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নিৰ্মিত ৰকেট বিস্ফোৰণত আহত হয় দুজন শিক্ষক। আৰ্যভট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বোৱালিপাৰ বজাৰ স্থিত এক্সটেনচন ট্ৰেইনিং চেণ্টাৰ
হাইলাকান্দিত অনুষ্ঠিত বিজ্ঞান প্ৰদৰ্শনৰ সময়ত সংঘটিত দুৰ্ঘটনাত আহত দুজন


হাইলাকান্দি, ২৪ নৱেম্বৰ (হি.স.)। অসমৰ হাইলাকান্দিৰ এখন বিদ্যালয়ত সোমবাৰে পুৱা বিজ্ঞান প্ৰদৰ্শনৰ সময়ত ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা নিৰ্মিত ৰকেট বিস্ফোৰণত আহত হয় দুজন শিক্ষক। আৰ্যভট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বোৱালিপাৰ বজাৰ স্থিত এক্সটেনচন ট্ৰেইনিং চেণ্টাৰত অনুষ্ঠিত হোৱা বিজ্ঞান প্ৰদৰ্শনী খনত দুৰ্ঘটনাটো সংঘটিত হয়।

স্প্ৰিং ভেলী চেণ্ট্ৰেল স্কুলৰ পৰা অহা আহত শিক্ষক দুজনক লগে লগে চিকিৎসাৰ বাবে এছ কে ৰয় অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। ছাত্ৰ-ছাত্ৰীৰ মাজত হাতে কামে বৈজ্ঞানিক শিক্ষণৰ প্ৰসাৰৰ লক্ষ্যৰে উক্ত প্ৰদৰ্শনী খনত জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা ছাত্ৰ ছাত্ৰী সকলে অংশগ্ৰহণ কৰিছিল।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande