ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসক-নাৰ্ছৰ অভাৱ, দৰমহা গাঁথনিৰো আছে ভিন্নতাঃ অসম প্ৰদেশ কংগ্ৰেছ
গুৱাহাটী, ২৪ নৱেম্বৰ(হি.স.)। ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডৰ পৰা একাংশ চিকিৎসক আৰু চিকিৎসা কৰ্মীক ৰাইজৰ সেৱাৰ পৰা অপসাৰিত কৰিব বিচাৰিছে। নেশ্যনেল হেলথ্ মিছনৰ ১৪ নৱেম্বৰৰ এক জাননী অনুসৰি প্ৰায় এবছৰ গ্ৰাম্যঞ্চলত চিকিৎসা সেৱা আগবঢ়োৱা ১২২ জন চিকিৎসকৰ চাকৰি
ৰাজ্যৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰয়োজনীয় চিকিৎসক-নাৰ্ছৰ অভাৱ, দৰমহা গাঁথনিৰো আছে ভিন্নতাঃ অসম প্ৰদেশ কংগ্ৰেছ


গুৱাহাটী, ২৪ নৱেম্বৰ(হি.স.)। ৰাজ্য চৰকাৰে স্বাস্থ্যখণ্ডৰ পৰা একাংশ চিকিৎসক আৰু চিকিৎসা কৰ্মীক ৰাইজৰ সেৱাৰ পৰা অপসাৰিত কৰিব বিচাৰিছে। নেশ্যনেল হেলথ্ মিছনৰ ১৪ নৱেম্বৰৰ এক জাননী অনুসৰি প্ৰায় এবছৰ গ্ৰাম্যঞ্চলত চিকিৎসা সেৱা আগবঢ়োৱা ১২২ জন চিকিৎসকৰ চাকৰিৰ নিৰাপত্তা নোহোৱা হৈছে। অহা ৩০ নৱেম্বৰৰ ভিতৰত বহু চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ চাকৰিৰ কাৰ্যকাল শেষ হ’ব বুলি জাননীখনত ঘোষণা কৰা হৈছে। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই অসমৰ গ্ৰাম্যঞ্চলৰ লোকসকলক স্বাস্থ্যসেৱাৰ পৰা বঞ্চিত কৰিব।

অসম প্ৰদেশ কংগ্ৰেছৰ স্বাস্থ্য সেৱা বিভাগৰ অধ্যক্ষ ড০ মৃদুপৱন মহন্তই আজি এক সংবাদমেলত এই অভিযোগ কৰি কয় যে ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন চমুকৈ এনএইছএমত কৰ্মৰত প্ৰায় ২২ হাজাৰ চিকিৎসা আৰু স্বাস্থ্য খণ্ডৰ লোকৰ চাকৰিৰ কোনোধৰণৰ নিৰাপত্তা নাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ২০১৮ চনত সপ্তম দৰমহা আয়োগৰ হিচাপমতে এনএইছএমৰ চিকিৎসা কৰ্মীসকলক দৰমহা দিয়াৰ কথা ঘোষণা কৰিছিল যদিও সেয়া এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে।

নিয়ম অনুসৰি সকলো চৰকাৰী কৰ্মচাৰীৰ সমান কামৰ বাবে সমান দৰমহাৰ ব্যৱস্থা আছে যদিও এনএইছএমৰ কৰ্মচাৰীৰ ক্ষেত্ৰত এই নীতি প্ৰযোজ্য নহয়। অসমত চিকিৎসা খণ্ডৰ উন্নতিৰ নামত বহু মেডিকেল কলেজ নিৰ্মাণ কৰা হৈছে যদিও এই চিকিৎসালয় সমূহত চিকিৎসক আৰু বিশেষজ্ঞৰ লগতে কাৰিকৰী কৰ্মীৰ অভাৱ। নতুন নতুন ভৱন নিৰ্মাণ হৈছে আৰু এই ভৱনসমূহত চিকিৎসা খণ্ডৰ পৰীক্ষাগাৰ আৰু অন্যান্য যন্ত্ৰাংশক সংলগ্ন কৰা হৈছে যদিও চিকিৎসক আৰু বিশেষজ্ঞৰ অভাৱ।

ডা০ মহন্তই কয় যে চৰকাৰী হাস্পতালসমূহত উপযুক্ত ধাত্ৰী আৰু কৰ্মচাৰীৰ অভাৱ। নলবাৰীৰ এখন চৰকাৰী চিকিৎসালয়ত শেহতীয়াকৈ চিকিৎসালয়ত ভৰ্তি হ’বৰ বাবে টিকট কাটিবলৈ গৈ ৰোগীসকল হতাশ হৈছে কিয়নো অনলাইন ব্যৱস্থাৰ যোগেদি কিউআৰ কোডত ধন জমা দিবলগীয়া হয়। গাঁৱৰ বহু মানুহে স্মাৰ্ট ফোন নিনিয়া বাবে চিকিৎসাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। চৰকাৰে আয়ুস্মান কাৰ্ড বন্ধ কৰি দিয়াত সাধাৰণ ৰোগীৰ অৱস্থা শোচনীয় হোৱা বুলি উল্লেখ কৰি মহন্তই কয় যে চৰকাৰী খণ্ডৰ চিকিৎসালয়সমূহে সততে কৰ্কট ৰোগীৰ বাবে প্ৰয়োজন হোৱা ৰেডিঅ’ থেৰাপীৰ মেচিন বেয়া হৈ থাকে।

এনএইছএমত কৰ্মৰত কৰ্মচাৰী সকলে কম দৰমহা পোৱা বাবে তেওঁলোকে সঠিকভাৱে সেৱা আগবঢ়াব নোৱাৰে। নাৰ্ছ সকলৰ জীৱনৰ নিৰাপত্তা সুনিশ্চিত নহয় বুলিও সংবাদমেলত চিকিৎসক সকলে উল্লেখ কৰে। সংবাদমেলত উপস্থিত থকা ডা০ অমিত তালোৱাৰে কয় যে প্ৰাথমিক স্বাস্থ্য খণ্ডত চিকিৎসক তথা বিশেষজ্ঞৰ অভাৱ বাবে ৰোগীসকল সমস্যাত পৰি আহিছে। জিলা স্বাস্থ্যকেন্দ্ৰ সমূহত মেচিন আছে যদিও মেচিন চলোৱা বিশেষজ্ঞ নাই। যাৰবাবে মেডিকেল কলেজসমূহৰ ওপৰত হেঁচা বাঢ়িছে। বৰ্তমান অসমত ১৩খন মেডিকেল কলেজ আছে যদিও এই কলেজসমূহত প্ৰয়োজনীয় চিকিৎসক তথা চিকিৎসা কৰ্মীৰ অভাৱ। বিশেষজ্ঞ চিকিৎসক নোহোৱা বাবে আৱাসিক চিকিৎসকৰ দ্বাৰা মেডিকেল কলেজসমূহ চলি আছে। মেডিকেল কাউন্সিল অব ইণ্ডিয়াৰ বিশেষজ্ঞ পৰিদৰ্শন কৰিবলৈ আহিলে এখন মেডিকেল কলেজৰ পৰা আনখন মেডিকেল কলেজলৈ চিকিৎসকলক বদলি কৰা হয়।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মেডিকেল কলেজৰ সংখ্যা ২৯ খনলৈ বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছে যদিও প্ৰয়োজনীয় চিকিৎসক আৰু নাৰ্ছৰ অভাৱত বৰ্তমানৰ চিকিৎসা মহাবিদ্যালয় কেইখনেই সুস্থিৰ নহয় বুলি ডা০ তালোৱাৰে অভিযোগ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজনৈতিক উদ্দেশ্যৰে জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ’ব বুলি ঘোষণা কৰা বুলিও আজি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ চিকিৎসা সেৱা বিভাগৰ অধ্যক্ষ গৰাকী সংবাদ মেলত অভিযোগ কৰে।

হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ


 rajesh pande