
ডিব্ৰুগড়, ২৪ নৱেম্বৰ (হি.স.): টাই আহোম জনগোষ্ঠীক জনজাতিকৰণৰ দাবীত টিংখাঙত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। টাই আহোমৰ জনজাতিকৰণ আৰু স্বায়ত্ব শাসনৰ দাবীত দেওবাৰে সন্ধিয়া টিংখাঙৰ ৰাজগড়ত বিশাল প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰা হয়।
বৃহত্তৰ টিংখাঙৰ টাই আহোম সমাজৰ উদ্যোগত ৰাজগড় উচ্চতৰ বিদ্যালয়ৰ খেলপথাৰত টিংখাঙৰ বিভিন্ন প্ৰান্তৰ সহস্ৰাধিক টাই আহোম জনগোষ্ঠীৰ প্ৰতিবাদী লোক সমবেত হৈ জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটো সমস্বৰে কন্ঠদান কৰি বিশাল প্ৰতিবাদী জোঁৰ সমদল বাহিৰ কৰে। প্ৰতিবাদকাৰী সকলে NO ST NO REST, WE WANT JUSTICE, NO ST NO VOTE, আমাক জনজাতিকৰণ লাগিবই আদি প্ৰতিবাদী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।
প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি টাইপাৰ কেন্দ্ৰীয় সভাপতি বিজয় ৰাজকোঁৱৰে জনজাতিকৰণৰ দাবীত বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে। জনজাতিকৰণ আহোমৰ ন্যায্য দাবী বুলি উল্লেখ কৰি ইয়াৰ দ্বাৰা খিলঞ্জীয়া জাতি-জনগোষ্ঠী অধিকাৰ সুৰক্ষিত হ'ব মন্তব্য প্ৰকাশ কৰে টাইপাৰ নেতা গৰাকীয়ে।
আনহাতে অহা ২৫ নৱেম্বৰত প্ৰকাশ পাবলগীয়া মন্ত্ৰী গোটৰ প্ৰতিবেদনত এই ক্ষেত্ৰত যদি কোনো ইতিবাচক সঁহাৰি পোৱা নাযায় ইয়াৰ ফলাফল আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰে ভয়ংকৰ ভাৱে ভোগ কৰিব লাগিব বুলি হুংকাৰ প্ৰদান কৰে বিজয় ৰাজকোঁৱৰে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ