
তিনিচুকীয়া, ২৪ নৱেম্বৰ (হি.স.)। আলফা স্বাধীনত যোগদান কৰিব যোৱা তিনি যুৱকক আটক ভাৰতীয় সেনাৰ। আলফা স্বাধীনত যোগদান কৰিব যোৱা তিনি (৩) যুৱকক আটক কৰে ভাৰতীয় সেনা বাহিনীয়ে ।
অৰুণাচল প্ৰদেশৰ খাৰচাংৰ পৰা আটক কৰে যুৱক তিনি জনক। যুৱক কেইজনৰ ঘৰ কাকপথাৰ মাইথং গাওঁত। যুৱক কেইজনৰ নাম নবুত্তম বাউলাৰি, জয়ন্ত কোঁৱৰ, মনজিৎ নেওঁগ। যুৱক কেইজন বাংগালোৰত কৰ্মৰত হৈ আছিল । যোৱা পাঁচ দিনৰ পৰা আলফা স্বাধীনত যোগদান কৰিবলৈ অৰুণাচল প্ৰদেশৰ খাৰচাংত বাহৰ পাতি আছিল যুৱক কেইজনে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ