
বাক্সা, ২৪ নৱেম্বৰ (হি.স.)। বাক্সাৰ বাঁহবাৰীৰ মায়ংপাৰা কলনীত জল জীৱন মিছন আঁচনিৰ বিশুদ্ধ খোৱা পানীৰ পৰা বঞ্চিত হৈছে অঞ্চলটোৰ ৰাইজ সকল। দুবছৰ পূৰ্বেই সম্পূর্ণৰূপে নিৰ্মাণ কাৰ্য সম্পূর্ণ হোৱা আঁচনিটোৰ পৰা আজি পৰ্যন্ত খোৱা পানী পাবলৈ সক্ষম নহ'ল অঞ্চলটোৰ প্ৰায় ১০ খনকৈ গাঁৱৰ ৰাইজে।
সম্প্ৰতি হাবি জংঘলৰে ভৰি পৰিছে আঁচনি খনৰ চৌহদ। ঠিকাদাৰৰ হেমাহিৰ বাবে আঁচনিৰ পৰা আজি পৰ্যন্ত বিশুদ্ধ খোৱা পানী পাবলৈ সক্ষম নোহোৱাৰ অনুমান কৰিছে ভুক্তভোগী ৰাইজে। এই সন্দৰ্ভত চৰকাৰ তথা বিভাগীয় মন্ত্ৰীক তীব্ৰ সমালোচনা কৰে ভুক্তভোগী ৰাইজে।
বিভাগীয় মন্ত্রী জয়ন্ত মল্ল বৰুৱাক শীঘ্ৰেই খোৱা পানীৰ ব্যৱস্থা কৰি দিবলৈ আহ্বান জনাইছে ৰাইজে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা