ৰঙিয়াত দিনজোৰা কাৰ্যসূচীৰে উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা
কামৰূপ, ২৪ নৱেম্বৰ (হি.স.)। বিজেপি চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ উন্নয়নকল্পে কাম কৰি আহিছে। অসমীয়া মহিলা সকল উদ্যমী ।সুযোগ আৰু সুবিধা পালেই আত্ম নিৰ্ভৰশীল হৈ প্ৰগতিৰ বাটত খোজ পেলাবলৈ সক্ষম হব। যাৰ পৰিপ্ৰেক্ষিটত আৰ্থিক সবলীকৰণ আৰু স্বাভিমা
ৰঙিয়াত দিনজোৰা কাৰ্যসূচীৰে উপস্থিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা


কামৰূপ, ২৪ নৱেম্বৰ (হি.স.)। বিজেপি চৰকাৰে দুখীয়া আৰু মধ্যবিত্ত শ্ৰেণীৰ উন্নয়নকল্পে কাম কৰি আহিছে। অসমীয়া মহিলা সকল উদ্যমী ।সুযোগ আৰু সুবিধা পালেই আত্ম নিৰ্ভৰশীল হৈ প্ৰগতিৰ বাটত খোজ পেলাবলৈ সক্ষম হব। যাৰ পৰিপ্ৰেক্ষিটত আৰ্থিক সবলীকৰণ আৰু স্বাভিমানেৰে জীয়াই থকাৰ বাবে উদ্যোগ গ্ৰহণ কৰা হৈছে । মহিলা সকলক প্ৰদান কৰা অৰুণোদয়ে আৰ্থিক নিৰাপত্তাই নহয় আত্মসন্মানো বৃদ্ধি কৰিছে।সোমবাৰে

ৰঙিয়াত অনুষ্ঠিত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধিনত চেক বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি এনেদৰে কয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ৰঙিয়াৰ চেপ্টিস্থিত মোডি ফিল্ডত তদুপলক্ষে অনুষ্ঠিত বিশাল জনসভা সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ অধীনত প্ৰায় ৩২,৫৪৮ গৰাকী মহিলাক ১০ হাজাৰ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই আদৰণি ভাষনৰে শুভাৰম্ভ কৰা সভাত অংশগ্ৰহন কৰি আৰম্ভণিতে মুখ্যমন্ত্ৰী গৰাকীয়ে লাচিত দিৱস উপলক্ষে মহাবীৰ গৰাকীৰ স্মৰণ কৰি কয় যে লাচিত বৰফুকনৰ সাহস,শৌৰ্য বীৰ্য আৰু পৰাক্ৰমৰ বাবে মোগলে অসম আক্ৰমণ কৰিবলৈ আহি পৰাজিত হৈছিল।নৱপ্ৰজ্ন্মক যুগে যুগে লাচিত বৰফুকনৰ আদৰ্শ অনুকৰণ কৰি অসম মাতৃক ৰক্ষা কৰাৰ বাবেও আহ্বান জনায় মুখ্য মন্ত্ৰী ডঃ শৰ্মাই । জাতিৰ পিতা মহাত্মা গান্ধীয়ে কোৱা ধৰনৰে অসমীয়া মহিলা সকলে তাত শালত সপোন ৰচিব পাৰে বুলি উল্লেখ কৰি সম্প্ৰতি ৪০লাখ মহিলা আত্ম সহায়ক গোটৰ সৈতে জড়িত হৈ স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে।ইফালে অহা ফেব্ৰুৱাৰী মাহত অৰুণোদয় আচঁনিৰ ধন লাভ কৰা মহিলা সকলক ডাঙৰ উপহাৰ প্ৰদানৰো আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে।কাৰ্যসূচীত কামৰূপ জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, বিজেপি দলৰ ৰাজ্যিক সভাপতি তথা সাংসদ দিলীপ শইকীয়া, সাংসদ ভূৱনেশ্বৰ কলিতা,স্থানীয় বিধায়ক ভবেশ কলিতাৰ লগতে হাজোৰ বিধায়িকা সুমন হৰিপ্ৰিয়া, কামৰূপ জিলা পৰিষদৰ সভাপতি নিপন ভূঞা প্ৰমুখ্যে আন কেবাগৰাকীও দলীয় নেতা কৰ্মীয়ে অংশগ্ৰহণ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ৰঙিয়া চহৰৰ মাজমজিয়াত নৱনিৰ্মিত তিনিটাকৈ বৃহৎ প্ৰকল্প শুভ উদ্বোধন কৰি ৰাইজৰ বাবে মুকলি কৰে।প্ৰথমতেই অসম চৰকাৰৰ লোক নিৰ্মাণ(পথ)বিভাগৰ ৩ কোটি ৫২ লাখ টকাৰে নতুনকৈ নিৰ্মাণ কৰা উত্তৰ কামৰূপ ক্ষেত্ৰীয় পথ সংমণ্ডল আৰু ৰঙিয়া ক্ষেত্ৰীয় পথ উপ সংমণ্ডলৰ সংহত আটকধুনীয়া মুখ্য কাৰ্যালয়টোৰ ফিটা কাটি উদ্বোধন কৰাৰ লগতে ৫ কোটি ৯ লাখ টকাৰে লোকনিৰ্মাণ বিভাগৰ এটি পৰিদৰ্শন বঙলা আৰু ৭৫ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা ক্লক টাৱাৰৰ সৈতে মুক্তিযোদ্ধা প্রয়াত শান্তিৰাম লহকৰৰ স্মৃতিত স্থাপিত উদ্যান ৰাইজৰ বাবে মুকলি কৰে।সামৰণিত সাংবাদিকে হোৱা সাক্ষাৎকাৰত মুখ্যমন্ত্ৰী গৰাকীয়ে

বিজেপি দলৰ আগন্তুক বিধানসভা নিৰ্বাচনত আসন সন্দৰ্ভত তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়াই কয় যে ১২৬ টা সমষ্টিতে বিজেপি দলে প্ৰাৰ্থীত্ব প্ৰদান কৰিব ।

আনহাতে নবপ্ৰজন্মক টিকট দিয়া নিদিয়া বিষয়টো সমষ্টি বাসীয়েহে সিদ্ধান্ত লব বুলি উল্লেখ কৰি বিজেপি ৰ অগ্ৰগতি দেখি বিৰোধীয়ে ভয় খাই পলাবলৈ আৰম্ভ কৰিছে বুলিও দোহাৰে মুখ্যমন্ত্ৰী গৰাকীয়ে। ইফালে জুবিন গাৰ্গৰ মৃত্যুৰ চাৰ্জশ্বীট দাখিলৰ পিছতে গৌৰৱ গগৈৰ পাকিস্তান কানেকচন ৰাজহুৱা কৰা হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ।অগপ থকা সমষ্টি যদি বিজেপিয়ে বিচাৰে তেন্তে ইয়াৰ সলনি অন্য সমষ্টি প্ৰয়োজনত এৰি দিব বুলিও দোহাৰে মুখ্য মন্ত্ৰী গৰাকীয়ে । আনহাতে ৰঙিয়াৰ গৌৰৱ আৰিমত্ত গড়ৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ লগতে বন্দে ভাৰত আৰু ৰাজধানী এক্সপ্ৰেছ ৰেলগাড়ী ৰঙিয়া জংচনত ৰখোৱা সন্দৰ্ভতো সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত শীঘ্ৰে ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande