
নতুন দিল্লী, ২৪ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে হাৰিয়ানাৰ কুৰুক্ষেত্ৰত শ্ৰী গুৰু টেগ বাহাদুৰৰ ৩৫০ সংখ্যক শ্বহীদ দিৱস উপলক্ষে এক অনুষ্ঠানত সম্বোধন কৰিব। এই উপলক্ষে তেওঁ মুকলি কৰিব বিশেষ মুদ্ৰা আৰু স্মৃতি ষ্টাম্প।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তথ্য অনুসৰি অহা ২৫ নৱেম্বৰত বিয়লি প্ৰায় ৪ বজাত প্ৰধানমন্ত্ৰীয়ে ভগৱান কৃষ্ণৰ পবিত্ৰ শংখ পঞ্চজন্যৰ সন্মানত নিৰ্মাণ কৰা নতুন পঞ্চজন্য উদ্বোধন কৰিব। ইয়াৰ পিছত তেওঁ মহাভাৰতৰ বিশেষ খণ্ডসমূহ প্ৰদৰ্শন কৰি ইয়াৰ চিৰস্থায়ী সাংস্কৃতিক আৰু আধ্যাত্মিক তাৎপৰ্য্যক উজ্জ্বল কৰি তোলা এক নিমজ্জিত অভিজ্ঞতা কেন্দ্ৰ মহাভাৰত অভিজ্ঞতা কেন্দ্ৰ পৰিদৰ্শন কৰিব।
প্ৰায় ৪:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে নৱম শিখ গুৰু শ্ৰী গুৰু টেগ বাহাদুৰৰ ৩৫০ সংখ্যক শ্বহীদ দিৱসৰ স্মৃতিত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে ৩৫০তম শ্বহীদ দিৱস উপলক্ষে এক বিশেষ মুদ্ৰা আৰু স্মৃতি ষ্টাম্প মুকলি কৰিব। এই উপলক্ষে তেওঁ সভাত ভাষণ দিবও। ভাৰত চৰকাৰৰ উদ্যোগত গুৰু টেগ বাহাদুৰৰ ৩৫০ সংখ্যক শ্বহীদ বৰ্ষপূৰ্তি উপলক্ষে বছৰজোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে।
সন্ধিয়া প্ৰায় ৫:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ অন্যতম পবিত্ৰ তীৰ্থস্থান ব্ৰহ্ম সৰোবৰ ভ্ৰমণ কৰি প্ৰাৰ্থনা কৰিব। বৰ্তমান কুৰুক্ষেত্ৰত ১৫ নৱেম্বৰৰ পৰা ৫ ডিচেম্বৰলৈ চলি থকা আন্তঃৰাষ্ট্ৰীয় গীতা মহোৎসৱৰ সময়তেই প্ৰধানমন্ত্ৰীয়ে এই ভ্ৰমণ কৰিব।
हिन्दुस्थान समाचार / অৰৱিন্দ