
গোলাঘাট, ২৪ নৱেম্বৰ (হি.স.)। সোমবাৰে বোকাখাতৰ কুৰুৱাবাহী চহলা বিলত অঘটন ৷ পানীত পৰি এজন লোকৰ আকস্মিক মৃত্যু ঘটে ৷ মৃত্যু হোৱা লোকজনৰ নাম অমৃত মুণ্ডা (৪৫) ৷ প্ৰতিদিনৰ দৰে সোমবাৰে মাছ ধৰিবলৈ গৈ চহলা বিলৰ দ খাৱৈত পৰি মৃত্যু ঘটে লোকজনৰ ৷ পত্নী আৰু চাৰিটা সন্তানৰ পিতৃ অমৃত মুণ্ডাই চহলা বিলত মৎস্য চিকাৰ কৰি পাঁচজনীয়া পৰিয়ালটোক পোহপাল দি আহিছিল ৷
মৃত্যুৰ পিছত স্থানীয় লোকে লোকজনক বিলৰ পৰা উদ্ধাৰ কৰে ৷ ঘটনাস্থলীত বোকাখাত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি বোকাখাত থানালৈ আনে আৰু মৰোণত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ বাবে বোকাখাত চিকিতসালয়লৈ প্ৰেৰণ কৰে ৷
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা