মাহিয়াত বন্যহস্তীৰ আক্ৰমণত এজন নিহত
গোৱালপাৰা, ২৪ নৱেম্বৰ (হি.স.)। গোৱালপাৰাৰ বাকাইটাৰী গুণিয়ালগুৰীত আজি বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হয় । নিহত লোকজনক বাকাইটাৰী-সিধাবাৰী শৰণাৰ্থী শিবিৰৰ উপেন্দ্ৰ কোচ বুলি জানিব পৰা গৈছে । আজি পুৱা প্ৰায় ১০.৩০ বজাত সংঘটিত হ''ল উক্ত আক্ৰমণৰ ঘটনাটো
মাহিয়াত বন্যহস্তীৰ আক্ৰমণত এজন নিহত


গোৱালপাৰা, ২৪ নৱেম্বৰ (হি.স.)। গোৱালপাৰাৰ বাকাইটাৰী গুণিয়ালগুৰীত আজি বনৰীয়া হাতীৰ আক্ৰমণত এজন লোক নিহত হয় । নিহত লোকজনক বাকাইটাৰী-সিধাবাৰী শৰণাৰ্থী শিবিৰৰ উপেন্দ্ৰ কোচ বুলি জানিব পৰা গৈছে । আজি পুৱা প্ৰায় ১০.৩০ বজাত সংঘটিত হ'ল উক্ত আক্ৰমণৰ ঘটনাটো ।

খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অঞ্চলটোৰ ৰবৰ বাগানত আশ্ৰয় লৈ আছিল চাৰিটা বন্যহস্তীৰ এটা জাক । কিছুদূৰৰ পৰা চাই থকা উপেন্দ্ৰ কোচক বন্যহস্তীৰ জাকটোৰ পৰা ফালৰি কাটি অহা এটা বন্যহস্তী অতৰ্কিতে আক্ৰমণ কৰি হত্যা কৰিলে । স্থানীয় গাওবাসী পিছত মৃত অৱস্থাত উপেন্দ্ৰ কোচক ৰবৰ বাগানৰ পৰা উদ্ধাৰ কৰি গোৱালপাৰা অসামৰিক চিকিতসালয়ত ভৰ্তি কৰে। চিকিতসকে মৃত উপেন্দ্ৰ কোচৰ মৰোণত্তৰ পৰীক্ষাৰ ব্যৱস্থাকৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande