
গোলাঘাট ২৪ নৱেম্বৰ (হি.স.): গোলাঘাট জিলাৰ নুমলিগড় ৰংবং অঞ্চলত যোৱা কালি দেওবাৰে সন্ধিয়া বন্য হাতীৰ আক্ৰমণত এজন যুৱক নিহত হয়। যুৱক জনৰ নাম কাৰ্তিক (গোপাল) ভূমিজ বুলি জনা গৈছে।
গোবিনপুৰ বাগানৰ বাসিন্দা গোপালে ৫ নং ৰংবঙৰ খেতি পথাৰত হাতী দেখি খেদিবলৈ যোৱাত হাতীয়ে খেদি আহোতে পলাওতে উজুটি খাই পৰি যোৱাত হাতীৰ আক্ৰমণত নিহত হয় ২৫ বছৰীয়া যুৱকজন। স্থানীয় লোকৰ অভিযোগ যে নিশা হাতী আহিলেও বন বিভাগক খবৰ দিলেও হাতী খেদিবলৈ ফৰেষ্টৰ মানুহ নাযায়। আজিও হাতীয়ে যুবক জনক হত্যা কৰাৰ খবৰ দিলটো ঘটনা সংঘটিত হোৱাৰ স্থানত ফৰেষ্টৰ লোক উপস্থিত নোহোৱা অভিযোগ স্থানীয় লোকৰ। বৰ্তমান যুৱক জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ৰখা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ