নুমলীগড়ত বনৰীয়া হাতীৰ আক্ৰমণত নিহত যুৱকৰ মৃতদেহ লৈ ৰাজপথত উত্তাল প্ৰতিবাদ আটছাৰ
গোলাঘাট, ২৪ নৱেম্বৰ (হি.স.)। নুমলীগড়ত বনৰীয়া হাতীৰ আক্ৰমণত নিহত যুৱকৰ মৃতদেহ লৈ ৰাজপথত উত্তাল প্ৰতিবাদ আটছাৰ। কালি ৫ নং ৰংবং গাঁৱত গোবিন্দপুৰ চাহ বাগিচাৰ গোপাল ভূমিজ (২১) নামৰ এজন যুৱকক বনৰীয়া হাতীয়ে আক্ৰমণ কৰিছিল। সংকটজনক অৱস্থাত গোলাঘাট কুশল কো
নুমলীগড়ত বনৰীয়া হাতীৰ আক্ৰমণত নিহত যুৱকৰ মৃতদেহ লৈ ৰাজপথত উত্তাল প্ৰতিবাদ আটছাৰ


গোলাঘাট, ২৪ নৱেম্বৰ (হি.স.)। নুমলীগড়ত বনৰীয়া হাতীৰ আক্ৰমণত নিহত যুৱকৰ মৃতদেহ লৈ ৰাজপথত উত্তাল প্ৰতিবাদ আটছাৰ। কালি ৫ নং ৰংবং গাঁৱত গোবিন্দপুৰ চাহ বাগিচাৰ গোপাল ভূমিজ (২১) নামৰ এজন যুৱকক বনৰীয়া হাতীয়ে আক্ৰমণ কৰিছিল। সংকটজনক অৱস্থাত গোলাঘাট কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও আধা বাটতে যুৱকজনৰ মৃত্যু হয়।

আজি মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি স্বগৃহলৈ মৃতদেহ অনাৰ পথত পোৰাবাংলাৰ ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথ– বকিয়াল সংযোগী পথত মৃতদেহ লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ সময়চোৱাত পথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande