নগাঁৱৰ ৰাঙলুমুখ নৈপামত হাতীৰ আক্ৰমণত মহিলাৰ মৃত্য়ু
নগাঁও, ২৪ নৱেম্বৰ (হি.স.)। নগাঁৱৰ ৰাঙলুমুখ নৈপামত শোকাৱহ ঘটনা। প্ৰাত:ভ্ৰমণ কৰিবলৈ যাওঁতে হাতীৰ আক্ৰমণত ৪৫ বছৰীয়া ৰিপু মণি দাস নামৰ মহিলা এগৰাকীৰ মৃত্যু মুখত পৰে । প্ৰাত: ভ্ৰমণ কৰিব আহোতে দুটা বন্যহস্তীৰ সন্মুখত পৰে মহিলা দুগৰাকী। ঘটনাটোত মাধৱী দাস
নগাঁৱৰ ৰাঙলুমুখ নৈপামত হাতীৰ আক্ৰমণত মহিলাৰ মৃত্য়ু


নগাঁও, ২৪ নৱেম্বৰ (হি.স.)। নগাঁৱৰ ৰাঙলুমুখ নৈপামত শোকাৱহ ঘটনা। প্ৰাত:ভ্ৰমণ কৰিবলৈ যাওঁতে হাতীৰ আক্ৰমণত ৪৫ বছৰীয়া ৰিপু মণি দাস নামৰ মহিলা এগৰাকীৰ মৃত্যু মুখত পৰে । প্ৰাত: ভ্ৰমণ কৰিব আহোতে দুটা বন্যহস্তীৰ সন্মুখত পৰে মহিলা দুগৰাকী। ঘটনাটোত মাধৱী দাস নামৰ আন এগৰাকী মহিলা আহত হয়। নাৰিকল গছত এচাৰি দিয়াৰ ফলত মহিলা গৰাকী নিহত হয়।

অতি গুৰুতৰ ভাৱে আহত দুয়ো গৰাকী মহিলাক নগাঁৱৰ চিকিৎসালয়লৈ নিয়াৰ পথত ৰিকু মণি দাস নামৰ মহিলা গৰাকী মৃত্যুমুখত পৰে। মহিলাগৰাকীয়ে হাতীৰ আক্ৰমণত মুৰত গুৰুতৰভাৱে আঘাত পোৱা বুলি জনা গৈছে। আনফালে মাধৱী দাস নামৰ মহিলাগৰাকী সংকটজনক অৱস্থাত বৰ্তমান চিকিৎসাধিন হৈ থকা বুলি জনা গৈছে।উল্লেখ্য যে বিগত সময়চোৱাত এটা ন দহজনীয়া হাতীৰ জাকে আঞ্চলটোত উপদ্ৰৱ চলাইছিল যদিও দেওঁবাৰে নিশা এটা বৃহৎ হাতীৰ জাক অঞ্চলটোত প্ৰৱেশ কৰাত স্থানীয় ৰাইজ শংকিত হৈ পৰিছে।

হিন্দুস্থান সমাচাৰ / Narayan Kar


 rajesh pande