
গুৱাহাটী, ২৪ নৱেম্বৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ৰেলৱে সুৰক্ষা বাহিনীয়ে (আৰপিএফ)য়ে এতিয়ালৈকে চেন্ট্ৰেল ইকুইপমেন্ট আইডেনটিটি ৰেজিষ্টাৰ (চিইআইআৰ) প’ৰ্টেলৰ সহায়ত মুঠ ১৭৪ টা ম’বাইল ফোন উদ্ধাৰ কৰি যাত্ৰীৰ সুৰক্ষা আৰু হেৰোৱা সামগ্ৰী তাৎক্ষণিকভাৱে ঘূৰাই দিয়াৰ প্ৰতি উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে।
ৰে'ল আৰু ৰেলৱে পৰিসৰত হেৰোৱা বা চুৰি হোৱা ম’বাইল ফোনৰ সন্ধানৰ প্ৰক্ৰিয়া অধিক কাৰ্যক্ষম হৈ পৰিছে, কাৰণ যাত্ৰীসকলে ৰে'ল মদদ এপৰ জৰিয়তে দাখিল কৰা অভিযোগসমূহ উত্তৰ-পূব সীমান্ত ৰেলৱেৰ চাইবাৰ ক্ৰাইম শাখাই দূৰ সংযোগ বিভাগৰ চিইআইআৰ প্লেটফৰ্ম ব্যৱহাৰ কৰি তৎকালে ব্যৱস্থা গ্ৰহণ কৰে। কাটিহাৰ, আলিপুৰদুৱাৰ, ৰঙিয়া, লামডিং আৰু তিনিচুকীয়া—এই সমগ্ৰ গুৰুত্বপূৰ্ণ মণ্ডলসমূহে এই উদ্ধাৰ কাৰ্যত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ লগতে বহু সংখ্যক ফোন তেওঁলোকৰ প্ৰকৃত মালিকৰ হাতত সফলতাৰে ঘূৰাই দিয়ে।
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ সমগ্ৰ মণ্ডলতে ৰেলৱে সুৰক্ষা বাহিনীয়ে ১৪৬ টা উদ্ধাৰ হোৱা ম’বাইল ফোন তেওঁলোকৰ প্ৰকৃত গৰাকীৰ হাতত ঘূৰাই দিছে আৰু নিয়ম অনুসৰি বহু সংখ্যক গোচৰ চৰকাৰী ৰে'ল আৰক্ষী (জিআৰপি)লৈ হস্তান্তৰ কৰিছে। গৰাকীৰ হাতত ম’বাইল ফোন গতাই দিয়াত কাটিহাৰ আৰু লামডিঙে উল্লেখযোগ্য প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে, আনহাতে আলিপুৰদুৱাৰে জিআৰপিলৈ সৰ্বাধিক সংখ্যক ফোন হস্তান্তৰ কৰিছে। যিসমূহ ম’বাইল ফোন গৰাকীৰ সৈতে তাৎক্ষণিকভাৱে চিনাক্তকৃত কৰিব পৰা নগ’ল, সেইসমূহ সংশ্লিষ্ট আৰপিএফ চকীত সুৰক্ষিতভাৱে ৰখা হৈছে যাতে পৰৱৰ্তী সময়ত প্ৰমাণিকৰণৰ পিছত প্ৰকৃত গৰাকীৰ হাতত গতাই দিব পৰা যায়। এই পদ্ধিতিভিত্তিক প্ৰক্ৰিয়াই যাত্ৰীৰ হেৰোৱা সম্পত্তিৰ নিয়ন্ত্ৰণ পৰিচালনাত স্বচ্ছতা আৰু দায়বদ্ধতাকেই নিশ্চিত কৰিছে।
উত্তৰ-পূব সীমান্ত ৰেলৱেই চিইআইআৰ প’ৰ্টেলৰ দৰে প্ৰযুক্তিৰ কাৰ্যক্ষম ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰি হেৰোৱা ডিভাইচৰ সন্ধান আৰু যাত্ৰীসকলক দ্ৰুত সহায় প্ৰদানৰ ক্ষেত্ৰত অবিৰতভাৱে কাম কৰি আহিছে। ৰেলৱে সুৰক্ষা বাহিনীয়ে যাত্ৰীসকলক ম’বাইল ফোন বা অন্য মূল্যৱান সামগ্ৰী হেৰোৱাৰ লগে লগে পলম নকৰি আৰপিএফ চকী বা ৰে'ল মদদ হেল্পলাইনৰ জৰিয়তে অৱগত কৰোৱাৰ বাবে আহ্বান জনাইছে যাতে উদ্ধাৰ প্ৰক্ৰিয়া অধিক দ্ৰুততৰ হয়। উত্তৰ-পূব সীমান্ত ৰেলৱে তাৎপৰ্যপূৰ্ণভাৱে তেওঁলোকৰ নেটৱৰ্কত সুৰক্ষিত আৰু যাত্ৰী-হিতৈষী ভ্ৰমণ পৰিৱেশ প্ৰদানৰ প্ৰতিশ্ৰুতিৰে কাম কৰি গৈছে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী