নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ চামতাত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় লাচিত দিৱস উদযাপন
নলবাৰী, ২৪ নৱেম্বৰ (হি.স.)। ৰাজ্যজুৰি আজি বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানে আয়োজন কৰিছে লাচিত দিৱস। নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ চামতাত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ উদ্যোগতো কেন্দ্ৰীয় লাচিত দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানতেই অসমৰ জনপ্রিয় নাট্যকাৰ, নাট
নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ চামতাত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্ৰীয় লাচিত দিৱস উদযাপন


নলবাৰী, ২৪ নৱেম্বৰ (হি.স.)। ৰাজ্যজুৰি আজি বিভিন্ন অনুষ্ঠান প্রতিষ্ঠানে আয়োজন কৰিছে লাচিত দিৱস। নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ চামতাত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ উদ্যোগতো কেন্দ্ৰীয় লাচিত দিৱস উদযাপন কৰা হয়। এই অনুষ্ঠানতেই অসমৰ জনপ্রিয় নাট্যকাৰ, নাট পৰিচালক জিতেন শৰ্মাক 'মহেন্দ্ৰ বৰঠাকুৰ বঁটা' প্ৰদান কৰা হয়। আজি নলবাৰী জিলাৰ পশ্চিম নলবাৰীৰ চামতাৰ ঐতিহ্যমণ্ডিত কুলবিলঘাট ৰাজহুৱা শিৱালয় প্রাংগণত হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমৰ কেন্দ্রীয় লাচিত দিৱস দুদিনীয়াকৈ উদযাপন কৰা হয়। দেওবাৰৰ পৰা আৰম্ভ হোৱা কেন্দ্ৰীয় লাচিত দিৱসৰ দিনটোত পুৱা বীৰ লাচিতৰ প্রতিমূর্তিত বন্তি প্রজ্জ্বলন কৰি আয়তীৰ দিহা নামৰ পাছতে উলিওৱা হয় এক বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা।

কলাগুৰু থিয়েটাৰৰ প্ৰযোজক ধ্ৰুৱ তালুকদাৰে উদ্বোধন কৰা সাংস্কৃতিক শোভাযাত্রাত অসমৰ থলুৱা কৃষ্টি-সংস্কৃতি সমূহ প্ৰদৰ্শন কৰা হয়। তাৰ পিছতেই দুপৰীয়া মুকলি সভা অনুষ্ঠিত হয়। কেন্দ্রীয় লাচিত দিৱস উদযাপন সমিতিৰ সভাপতি বলেন্দ্ৰ কুমাৰ গোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত মুকলি সভাত নর্থ-ইষ্ট কেঞ্চাৰ হস্পিতাল এণ্ড ৰিছাৰ্চ ইনষ্টিটিউতৰ অধ্যক্ষ গণেশ তামুলী, হিন্দুত্ববাদী নেতা বলেন বৈশ্য, দিশপুৰ হাস্পতালৰ অধ্যক্ষ মানৱ কাকতি, বিশিষ্ট অর্থনীতিবিদ তথা স্তম্ভ লেখক দেৱজিত মহন্ত, যুৱ নেতা ত্রিনয়ন বর্মন, বিশিষ্ট সমাজকর্মী গৌতম সৰকাৰ, বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক জিতেন শৰ্মা, হিন্দু যুৱ ছাত্ৰ পৰিষদ অসমৰ ভাৰপ্ৰাপ্ত সভাপতি মাধৱ দাস আদি কেইবাজনেও অংশ লয়।

মুকলি সভাত বিশিষ্ট নাট্যকাৰ, নাট পৰিচালক জিতেন শৰ্মাক মহেন্দ্ৰ বৰঠাকুৰ বঁটা প্ৰদান কৰা হয়। কেন্দ্ৰীয় লাচিত দিৱসৰ পৰাই চৰকাৰে চলাই অহা অবৈধ বে-দলখকাৰীক উচ্ছেদ অভিযান লৈ মুকলি সমর্থন জনাই হিন্দু যুৱ ছাত্ৰ পৰিষদ, অসমে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী


 rajesh pande