
গুৱাহাটী, ২৪ নৱেম্বৰ (হি.স.)। মহাবীৰ লাচিত বৰফুকনৰ শৌৰ্য-বীৰ্য আৰু স্বাভিমান সন্দৰ্ভত আজি গুৱাহাটীৰ ৰাজীৱ ভৱনত এক মনোজ্ঞ আলোচনা অনুষ্ঠিত হয়। অসমীয়া বীৰ সেনানীজনৰ জন্মদিন উপলক্ষে সমগ্ৰ অসমৰ লগতে গুৱাহাটীৰ ৰাজীৱ ভৱনতো কেন্দ্ৰীয়ভাৱে লাচিত দিৱস উদযাপন কৰা হয়। শৰাইঘাটৰ শেষ যুঁজত মোগলক ৰুধিবলৈ নৰিয়া গাৰে লাচিতে যি উদ্যম আৰু সাহস দেখুৱাই অসমীয়া জাতিক জাগ্ৰত কৰি তুলিছিল সেই বিষয়ে আজি ৰাজীৱ ভৱনত বিস্তৃতভাৱে আলোচনা কৰা হয়।
অসম প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই আঁত ধৰা লাচিত দিৱসৰ অনুষ্ঠানৰ আৰম্ভণিতে প্ৰদেশ কংগ্ৰেছৰ দুই সাধাৰণ সম্পাদক বিপুল গগৈ, ৰামান্না বৰুৱা আৰু মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰে লাচিতৰ প্ৰতিচ্ছবিত মাল্যৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা-কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত 'লাচিত দিৱসৰ চিন্তা’ শীৰ্ষক আলোচনাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক বিপুল গগৈয়ে লাচিত বৰফুকনে কিদৰে নিজৰ অধ্যাৱসায় আৰু একাগ্ৰতাৰ বাবে তলৰ পৰ্যায়ৰ পৰা বৰফুকনৰ পদ লাভ কৰিছিল আৰু চৰম দেশপ্ৰেমৰ নিৰ্দশন দেখুৱাই নিজৰ মোমায়েকৰ শিৰচ্ছেদ কৰিছিল সেই বিষয়ে ব্যাখ্যা আগবঢ়ায়।
অসমৰ সকলো কংগ্ৰেছ কৰ্মীক লাচিতৰ আদৰ্শৰে বাট বুলিবলৈ আহ্বান জনাই প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই। স্মৃতিচাৰণ সভাখনত প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অৰুণ তিৱাৰী, কেবাখনো জিলাৰ সভাপতি, প্ৰফেশ্যনেল কংগ্ৰেছৰ অধ্যক্ষ ৰিমঝিম বৰা, জ্যেষ্ঠ কংগ্ৰেছ নেত্ৰী মুনমী দত্ত প্ৰমুখ্যে ভালেসংখ্যক লোক উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী