শিৱসাগৰত পুৱাৰে পৰা ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে লাচিত দিৱস
শিৱসাগৰ, ২৪ নৱেম্বৰ (হি.স.)। আজি লাচিত দিৱস। অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো পুৱাৰে পৰা ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে লাচিত দিৱস।মহাবীৰ লাচিত বৰফুকনৰ ৪০৩ সংখ্যাক জন্মজয়ন্তী তথা লাচিত দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ ৰংপুৰ আঞ্চলিক প্ৰাচীন কীৰ্তিচি
শিৱসাগৰত পুৱাৰে পৰা ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে লাচিত দিৱস


শিৱসাগৰ, ২৪ নৱেম্বৰ (হি.স.)। আজি লাচিত দিৱস। অন্যান্য প্ৰান্তৰ লগতে শিৱসাগৰতো পুৱাৰে পৰা ভিন্ন কাৰ্যসূচীৰে উদযাপন কৰা হৈছে লাচিত দিৱস।মহাবীৰ লাচিত বৰফুকনৰ ৪০৩ সংখ্যাক জন্মজয়ন্তী তথা লাচিত দিৱসৰ লগত সংগতি ৰাখি শিৱসাগৰ ৰংপুৰ আঞ্চলিক প্ৰাচীন কীৰ্তিচিহ্ন স‍ংৰক্ষণ সমিতিয়ে চহৰখনৰ মাজমজিয়াৰ মুক্তিনাথ চাৰিআলিৰ লাচিত উদ্যানত বন্তি প্ৰজ্বলন কৰে।

মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্ত্তিত মাল্যাপৰ্ণ তথা বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। ইয়াৰ উপৰিও বীৰ লাচিত বৰফুকনক বিষয় হিচাপে লৈ ছাত্ৰ ছাত্ৰীৰ মাজত অনুষ্ঠিত কৰা হয় চিত্ৰাংকন প্ৰতিযোগিতা।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande