ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে ন্যায়মূৰ্তি সূৰ্য কান্তৰ শপত গ্ৰহণ
নতুন দিল্লী, ২৪ নৱেম্বৰ (হি.স.)। ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে আজি ন্যায়ামূৰ্তি সূৰ্য কান্তে শপত গ্ৰহণ কৰে । সোমবাৰে ৰাষ্ট্ৰপতি ভৱনৰ গণতন্ত্ৰ মণ্ডপত আয়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ
राष्ट्रपति द्रौपदी मुर्मु सोमवार को न्यायमूर्ति सूर्यकांत को देश के 53वें मुख्य न्यायाधीश के रूप में शपथ दिलाते हुए


নতুন দিল্লী, ২৪ নৱেম্বৰ (হি.স.)। ভাৰতৰ ৫৩ সংখ্যক মুখ্য ন্যায়াধীশ হিচাপে আজি ন্যায়ামূৰ্তি সূৰ্য কান্তে শপত গ্ৰহণ কৰে । সোমবাৰে ৰাষ্ট্ৰপতি ভৱনৰ গণতন্ত্ৰ মণ্ডপত আয়োজিত এক অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে তেওঁক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায়।

ন্যায়মূৰ্তি সূৰ্য্য কান্তে ন্যায়াধীশ বি.আৰ. গভাইৰ স্থানত স্থলাভিষিক্ত হৈছে। ন্যায়মূৰ্তি গভাইৰ ২৩ নৱেম্বৰত কাৰ্যকাল সমাপ্ত হয়। নৱ নিযুক্ত মুখ্য ন্যায়াধীশ ন্যায়মূৰ্তি সূৰ্য্য কান্তে হোৱা ১৪ মাহতকৈ অধিক সময় ধৰি ২০২৭ চনৰ ৯ ফেব্ৰুৱাৰীলৈকে কাৰ্যনিৰ্বাহ কৰিব, ।

এই উপলক্ষ্যত উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণন, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী অৰ্জুন ৰাম মেঘৱালকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

প্ৰধানমন্ত্ৰীয়ে টুইটাৰত লিখিছে, ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে ন্যায়মূৰ্তি সূৰ্য্য কান্তৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিলোঁ। তেওঁৰ সফল কাৰ্যকালৰ বাবে মোৰ শুভেচ্ছা থাকিল।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande