

মৰিগাঁও, ২৪ নৱেম্বৰ (হি.স.)। জাগীৰোডৰ ডোঙাবৰীত কিশোৰীৰ নিৰ্যাতনৰ ঘটনাই জাগীৰোডকে ধৰি সমগ্ৰ ৰাজ্য জোকাৰি গৈছে। এই ঘটনাৰ উচিত তদন্তৰ দাবী তুলি আজি জাগীৰোড থানাত উপস্থিত হৈছে বিশ্ব হিন্দু পৰিষদ ( ভি এইছ পি) ৰ এটি দল। শীঘ্ৰেই দোষীক কৰায়ত্ত কৰাৰ দাবীৰে ভি এইছ পিৰ দলটোৱে দাখিল কৰিলে এজাহাৰ।
উল্লেখ্য যে জাগীৰোডৰ ডোঙাবড়ীৰ ধাননি পথাৰত মূমুৰ্ষ অৱস্থাত শনিবাৰে উদ্ধাৰ কৰা হৈছিল ১১ বছৰীয়া এগৰাকী কিশোৰী । কিশোৰী গৰাকীক নিৰ্যাতন চলাই পথাৰত পেলাই থৈ যোৱাৰ অভিযোগ উঠিছিল এগৰাকী বিশেষ সম্প্ৰদায়ৰ যুৱকৰ বিৰুদ্ধে। এই পৰ্যন্ত আৰক্ষীৰ জালত পৰা নাই অভিযুক্ত। সেয়ে আজি শীঘ্ৰেই দোষীক কৰায়ত্ত কৰি শাস্তি প্ৰদানৰ দাবীৰে এজাহাৰ দাখিল কৰে বিশ্ব হিন্দু পৰিষদৰ বিষয়ববীয়াই ।
হিন্দুস্থান সমাচাৰ / Narayan Kar