
কাঠমাণ্ডু, ২৪ নৱেম্বৰ (হি স)। প্ৰধানমন্ত্ৰী সুশিলা কাৰ্কিৰ সৈতে সাক্ষাতৰ অনুমতি নোপোৱাক লৈ সোমবাৰে প্ৰধানমন্ত্ৰী আৰু মন্ত্ৰী পৰিষদৰ কাৰ্যালয়ৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে জেন-জেড কৰ্মীৰ এটা দলে।
মিৰাজ ধুংগানা আৰু চুডান গুৰুঙৰ নেতৃত্বত গ্ৰুপটোৱে প্ৰধানমন্ত্ৰীৰ ব্যক্তিগত সম্পাদক আদৰ্শ শ্ৰেষ্ঠে তেওঁৰ আত্মীয় আৰু তেওঁৰ পত্নীক চৰকাৰী পদত নিযুক্তি দিয়াৰ অভিযোগ উত্থাপন কৰি স্মাৰক পত্ৰ দাখিল কৰিবলৈ গৈছিল। কৰ্মীসকলৰ মতে, প্ৰধানমন্ত্ৰীৰ লগত এপইণ্টমেণ্টৰ পৰা বঞ্চিত হোৱাত তেওঁলোকে কাৰ্যালয় চৌহদৰ বাহিৰত শ্লোগান দি প্ৰতিবাদ সাব্যস্ত কৰে।
জেন-জেডৰ কৰ্মীসকলে প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে যে গোটেই সোমবাৰে প্ৰধানমন্ত্ৰী সুশিলা কাৰ্কীয়ে তেওঁৰ মোবাইল ফোনটো চুইচ অফ কৰি ৰাখিছিল আৰু তেওঁৰ ওচৰলৈ যাবলৈ বাধা দিছিল। জেন-জেডৰ কৰ্মী সুশীল বুঢ়াথোকিয়ে কয় যে, আমি ৰাতিপুৱাৰ পৰা অবিৰতভাৱে তেওঁক ফোন কৰিবলৈ চেষ্টা কৰি আহিছো, কিন্তু তেওঁ কোনো উত্তৰ দিয়া নাই। এতিয়া প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী দুয়োৰে ফোন চুইচ অফ হৈ থকাৰ বাবে আমি তেওঁলোকক কেনেকৈ লগ পাম?
টেলিফোনিক যোগাযোগৰ অভাৱত সিংহ দৰবাৰৰ দক্ষিণ গেটত দেৱালত স্মাৰক পত্ৰখন আঁৰি থৈ গোটটোৱে উভতি আহিবলগীয়া হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ