
কামৰূপ, ২৪ নৱেম্বৰ (হি.স.)। বকোৰ আলোকজাৰীত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান। চোৰাংচোৱাৰ পৰা লাভ কৰা গোপন তথ্যৰ ভিত্তিত আৰক্ষী অভিযান চলাই ৫ টা হেৰ'ইন ভৰ্তি কন্টেনাৰ জব্দ। ড্ৰাগছ সৰবৰাহৰ অভিযোগত ৱাহেদুৰ ৰহমান নামৰ এজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ। জব্দ কৰা হেৰ'নৰৰ ওজন ৭ গ্ৰাম।
দিৰ্ঘদিনৰ পৰা সৰবৰাহকাৰী জন বকোত ড্ৰাগছ সৰবৰাহত জৰিত আছিল।ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি অঞ্চলটোৰ একাংশ যুৱক ড্ৰাগছ আসক্ত হৈ পৰিছে। গোপন সূত্ৰৰ খৱৰৰ ভিত্তিত বকো আৰক্ষীৰ অভিযান। ৱাহেদুৰ ৰহমানৰ ঘৰ বকোৰ আলোকজাৰীত। আৰক্ষীৰ তদন্ত অব্যাহত।ড্ৰাগছ সৰবৰাহকাৰী জনক আৰক্ষী জেৰা অব্য়াহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা