
শিৱসাগৰ, ২৪ নৱেম্বৰ (হি.স.)। ডিমৌৰ কাষৰীয়া পথালিবাম দিহিঙীয়া গাঁৱত ৰাজপথত দাউ দাউ কৈ জ্বলিল এখন বাহন। গৈ থকা অৱস্থাতে ৰাজপথত জ্বলি উঠিল এখন টাটা এচি বাহন। বাহন খনৰ নম্বৰ এ এছ ০৬ চি চি ৬০৫৫ বুলি জানিব পৰা গৈছে। ইফালে বাহনখনক জুয়ে আৱৰি ধৰাৰ পূৰ্বে বাহনখনৰ চালকে ওলাই আহিবলৈ সক্ষম হয় আৰু দৈৱ ক্ৰমে প্ৰাণ ৰক্ষা পৰে। যান্ত্ৰিক বিজুতিৰ বাবেই অগ্নিকাণ্ডৰ সংঘটিত হয় বুলি সন্দেহ ৰাইজৰ।
এই ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ কেইবাখনো বাহন উপস্থিত হৈ বহু সময় যুজ দি এই জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।ইফালে বাহনখনত কোনো যান্ত্ৰিক বিজুতিৰ ফলতে জুই লগাৰ সন্দেহ কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা