ঢকুৱাখনাৰ পথাৰত বিঘাই বিঘাই মাটিমাহৰ খেতিত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ
লক্ষিমপুৰ, ২৪ নৱেম্বৰ (হি.স.)। লক্ষিমপুৰ জিলাৰ ঢকুৱাখনাৰ খেতি পথাৰত মাটি মাহৰ খেতিত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। এফালে কৃষকে মূৰৰ ঘাম মাটিত পেলাই বিঘাই বিঘাই কৰা মাটি মাহৰ খেতিত পোকে খাই তহিলং কৰি গৈছে। আনফালে মাটি মাহৰ খেতিত অচিন ৰোগে দেখা দিছে।
ঢকুৱাখনাৰ পথাৰত বিঘাই বিঘাই মাটিমাহৰ খেতিত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ


লক্ষিমপুৰ, ২৪ নৱেম্বৰ (হি.স.)। লক্ষিমপুৰ জিলাৰ ঢকুৱাখনাৰ খেতি পথাৰত মাটি মাহৰ খেতিত অচিন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে। এফালে কৃষকে মূৰৰ ঘাম মাটিত পেলাই বিঘাই বিঘাই কৰা মাটি মাহৰ খেতিত পোকে খাই তহিলং কৰি গৈছে। আনফালে মাটি মাহৰ খেতিত অচিন ৰোগে দেখা দিছে। ইয়াকে লৈ উপায়বিহীন হৈ পৰিছে খেতিয়কসকল।

ঢকুৱাখনা সমজিলাৰ ডিমৰুগুৰি পঞ্চায়তৰ আলিমূৰ দাংধৰা অঞ্চলৰ শ শ বিঘা কৃষিভূমিত কৰা মাটি মাহসমূহ ফুল ফুলাৰ সময়তে অচিন ৰোগত আক্ৰান্ত হৈ এফালৰ পৰা পথাৰতে শুকাই যোৱা দেখা গৈছে। ফলত ফচল চপোৱাৰ পৰিৱৰ্তে উপায়হীন হৈ পৰিছে কৃষক সকল। আনহাতে এই বিষয়ে অৱগত কৰা সত্ত্বেও কৃষি বিভাগে কোনো গুৰুতৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande