

কামৰূপ, ২৪ নৱেম্বৰ (হি.স.)। ক্ষেত্ৰীত ইণ্ডো-ইজৰাইল কৃষি প্ৰকল্পৰ শাক-পাচলি উৎকর্ষ সাধন কেন্দ্ৰৰ উদ্বোধন। কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰীত ইণ্ডো-ইজৰাইল কৃষি প্ৰকল্পৰ অন্তৰ্গত এটা অত্যাধুনিক শাক-পাচলি উৎকর্ষ সাধনৰ কেন্দ্ৰ আজি ৰাজ্যৰ মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ভাৰতস্থিত ইজৰাইলৰ ৰাষ্ট্ৰদূত মিঃ ৰিউভেন আজাৰে যৌথভাবে শুভ উদ্বোধন কৰে।
২০২১ চনৰ ১ ফেব্ৰুৱাৰীত কৃষি মন্ত্ৰণালয়ৰ ক্ষমতাসম্পন্ন পৰ্যবেক্ষণ সমিতিয়ে অনুমোদন দিয়া ৫৮৩.৫৮ লাখ টকাৰ এই প্ৰকল্পখন উদ্যান শস্য অভিযান (HMNEH) আঁচনিৰ অধীনত উদ্যান শস্য আৰু খাদ্য সংশাধন সঞ্চালকালয়ৰ দ্বাৰাই বাস্তৱায়িত কৰা হৈছে। ৬৬ বিঘা মাটিৰ ওপৰত স্থাপিত কেন্দ্ৰ খনত ইজৰাইলৰ ‘মাছাভ’ প্ৰতিষ্ঠানৰ প্ৰযুক্তিগত অংশীদাৰিত্বৰে আচ্ছাদিত কৃষি ব্যৱস্থাৰ আধুনিকতম প্ৰযুক্তি অন্তৰ্ভুক্ত কৰা হৈছে।
প্ৰকল্পটোৰ অধীনত আধুনিক সেউজ গৃহ, স্বয়ংক্ৰিয় উষ্ণতা নিয়ন্ত্ৰণ, ইণ্টাৰনেট-ভিত্তিক সাৰ-পানী যোগান প্ৰণালী আৰু মাটি-বিহীন ভূমি কৰ্ষণ প্ৰযুক্তিৰ সৈতে কেন্দ্ৰটো এটা সম্পূৰ্ণ পৰ্যায়ৰ উৎকর্ষ সাধন কেন্দ্ৰ ৰূপে গঢ় লৈ উঠিছে।
কেন্দ্ৰটোৱে বছৰৰ যিকোনো সময়ত উচ্চ মূল্যৰ শাক-পাচলিৰ পুলি উৎপাদনৰ সক্ষমতা আছে য'ত ২৫ দিনৰ পৰা এমাহৰ ভিতৰত ৪.৫০ লাখ পুলি উৎপাদন সম্ভৱ যাৰ বাবে এই কেন্দ্ৰটো ৰাজ্যৰ কৃষক সকলৰ বাবে বিশেষ ৰূপে লাভজনক কৰি তুলিছে।
ইয়াৰ উপৰিও প্লাষ্টিক গৃহৰ বিভিন্ন ধৰণৰ সংমিশ্ৰণে বছৰৰ প্ৰতিটো দিনতে প্ৰদৰ্শনী-ভিত্তিক উৎপাদন আৰু উন্নত প্ৰশিক্ষণৰ পথ প্ৰশস্ত কৰিব।
লগতে কৃষক আৰু ছাত্র-ছাত্ৰীৰ বাবে আবাসিক প্ৰশিক্ষণৰ সুবিধাৰ সৈতে এই কেন্দ্ৰটোত কৃষিক্ষেত্ৰত দক্ষতা উন্নয়নৰ নতুন দুৱাৰ মুকলি কৰিব। লগতে ইচ্ছুক কৃষকে নিজৰ বীজ লৈ আহি আধুনিক প্ৰযুক্তিৰ সহায়ত পুলি উৎপাদন কৰিবলৈ সক্ষম হ'ব।
নতুনকৈ স্থাপিত উক্ত উৎকর্ষ সাধন কেন্দ্ৰটোৱে অসমৰ কৃষিক্ষেত্ৰত এক নতুন দিশ উন্মোচন কৰি উৎপাদনশীলতা, গুণগতমান আৰু কৃষকৰ আয় বৃদ্ধিত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
আজিৰ অনুষ্ঠানত কৃষিমন্ত্ৰী অতুল বৰা, ইজৰাইলৰ উত্তৰ পূব ভাৰতৰ বাণিজ্য দূত জয়শ্ৰী দাস বৰ্মা, দিশপুৰৰ বিধায়ক অতুল বৰা আৰু অসমৰ কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজ’ৰিয়াৰ উপস্থিতি থাকে।
হিন্দুস্থান সমাচাৰ / Narayan Kar