
ধুবুৰী, ২৪ নৱেম্বৰ (হি.স.)। ধুবুৰী জিলাৰ চাপৰত পোন প্ৰথম বাৰৰ বাবে অনুষ্ঠিত হয় তৃতীয় শৰীৰ চৰ্চা প্ৰতিযোগিতা (3RD BODY BUILDING COMPETITION)। চাপৰৰ গান্ধী ময়দানত অনুষ্ঠিত হয় এই প্ৰতিযোগিতা।
চাপৰ কমাৰ্চিয়েল ইন্সটিটিউটৰ অধীনত চলি থকা চি চি আই জিমে অনুষ্ঠিত কৰে এই প্ৰতিযোগিতাত। তিনিটা পৰ্যায়ত ক্ৰমে তৃতীয় বিলাসীপাৰা মেন মডেল ফিজিক্স (3rd MR BILASIPARA MEN MODEL PHYSIQUE), ৩য় মিষ্টাৰ বিলাসীপাৰা বডি বিল্ডিং (3rd MR BILASIPARA BODY BUILDING) আৰু মিষ্টাৰ বিলাসীপাৰা জুনিয়ৰ (MR BILASIPARA JUNIOR) শাখাত অনুষ্ঠিত হয় প্ৰতিযোগিতা।
মিষ্টাৰ বিলাসীপাৰা মেন মডেল ফিজিক্সৰ খিতাপ অৰ্জন কৰে ৰঞ্জয় কলিতাই, মিষ্টাৰ বিলাসীপাৰা বডি বিল্ডিঙৰ খিতাপ অৰ্জন কৰে ৰাহুল খানে আৰু মিষ্টাৰ বিলাসীপাৰা জুনিয়ৰৰ খিতাপ অৰ্জন কৰে বিকি বাফৰে।
উক্ত প্ৰতিযোগিতাত ধুবুৰী জিলাৰ বিভিন্ন এলেকাৰ পৰা বহু প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে। সমাজত চলি থকা নিচাযুক্ত দ্ৰব্যৰ পৰা উঠি অহা যুৱক সকলে আঁতৰত থাকি শৰীৰ চৰ্চা কৰিবলৈ আহ্বান জনায় বিচাৰক তথা উদ্যোক্তা সকলে।
আনহাতে কেএচি'ৰ মুখ্য কাৰ্যবাহী পাৰিষদ জীৱেশ ৰায়ে মঞ্চত ১০ বাৰ পূশ্বৱাপ কৰি উক্ত প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।
---------------
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা