হোলোঙাপাৰস্থিত বীৰ লাচিত মৈডামত উলহ মালহে বীৰ লাচিত দিৱস উদযাপন
যোৰহাট, ২৪ নৱেম্বৰ (হি.স.)। হোলোঙাপাৰস্থিত বীৰ লাচিত মৈডামত উলহ মালহে বীৰ লাচিত দিৱস উদযাপন। আজি অসমীয়াৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ ৪০৩ সংখ্যক জন্মজয়ন্তী।সমগ্ৰ অসমবাসীয়ে আজি উদযাপন কৰিছে লাচিত দিৱস। যোৰহাট জিলাৰ হোলোঙাপাৰস্থিত ল
হোলোঙাপাৰস্থিত বীৰ লাচিত মৈডামত উলহ মালহে বীৰ লাচিত দিৱস উদযাপন


হোলোঙাপাৰস্থিত বীৰ লাচিত মৈডামত উলহ মালহে বীৰ লাচিত দিৱস উদযাপন


যোৰহাট, ২৪ নৱেম্বৰ (হি.স.)। হোলোঙাপাৰস্থিত বীৰ লাচিত মৈডামত উলহ মালহে বীৰ লাচিত দিৱস উদযাপন। আজি অসমীয়াৰ শৌৰ্য বীৰ্যৰ প্ৰতীক মহাবীৰ লাচিত বৰফুকনৰ ৪০৩ সংখ্যক জন্মজয়ন্তী।সমগ্ৰ অসমবাসীয়ে আজি উদযাপন কৰিছে লাচিত দিৱস।

যোৰহাট জিলাৰ হোলোঙাপাৰস্থিত লাচিত মৈদামতো ৪০৩ সংখ্যক লাচিত দিৱসটি অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তথা যোৰহাট জিলা প্ৰশাসনৰ সহযোগত কেন্দ্ৰীয়ভাৱে উদযাপন কৰা হৈছে ৷ বিভাগীয় মন্ত্ৰী বিমল বৰা,কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা,সাংসদ কামাখ্যা প্ৰসাদ তাচা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, বিধায়ক ৰূপজ্যোতি কুৰ্মীকে প্ৰমুখ্য কৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে উক্ত দিনযোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে।পুৱাই লাচিত মৈডামত সকলোৱে টাই ৰীতিনীতিৰে পৰম্পৰাগতভাৱে মৈডাম তৰ্পণ কৰি পূজা অৰ্চনা আগবঢ়াই আৰু লাচিতৰ আদৰ্শেৰে সকলো আগবাঢ়ি যাবলৈ আহ্বান জনায়।তাৰ পাছত অনুষ্ঠিত মূল সভাত লাচিত বৰফুকনৰ কৰ্মৰাজি সকলোৱে স্মৰণ কৰে।

উল্লেখযোগ্য যে উক্ত অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰি অনুষ্ঠানটি জীপাল কৰি তোলে।ইপিনে প্ৰায় ১৫০ কোটি টকা ব্যয় সাপেক্ষে উক্ত স্থানত নিমাৰ্ণ হৈ থকা বীৰ লাচিত বৰফুকন প্ৰকল্পৰ কাম অহা জানুৱাৰী মাহৰ আৰম্ভণিতে শেষ কৰি পৰ্যটকৰ বাবে মুকলি কৰিব বুলি মন্তব্য কৰিছে সাংস্কৃতিক মন্ত্ৰী বিমল বৰাই।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande