
দক্ষিণ শালমাৰা মানকাচৰ, ২৪ নৱেম্বৰ (হি.স.)। দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত আজি অনুষ্ঠিত হয় এই বিজ্ঞান প্ৰতিযোগিতা অনুষ্ঠান। জিলা খনৰ তিনিখন ব্লকৰ বিজ্ঞান প্ৰতিযোগিতাত সুফল লাভ কৰা ছাত্ৰ ছাত্ৰীয়ে অংশ গ্ৰহন কৰে। সভাত উপস্থিত থাকে আৰ্যভট বিজ্ঞান কেন্দ্ৰৰ জিলা সমন্বয়ক আব্দুল হাফিজ চৌধুৰী, কেন্দ্ৰখনৰ অন্যান্য বিষয়ববীয়া লগতে মুখ্য অতিথি ড° মহম্মদ আলী , দক্ষিণ শালমাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ জয়নাল আবেদিন আৰু মহাবিদ্যালয় খনৰ কেইবাজনো অধ্যাপক, অধ্যাপিকাই বিচাৰক হিচাপে উক্ত অনুষ্ঠানত উপস্থিত থাকে।
সভাৰ কাৰ্যসূচী হিচাপে পতাকা উত্তোলন ,স্বচ্ছ অভিযান আৰু বৃক্ষৰোপন, আৰ্যভট্টৰ প্ৰতিছবিত মাল্যাপৰ্ণ,পোষ্টাৰ ড্ৰয়িং,বিজ্ঞান ভিত্তিক মডেল,উদ্ভাৱনীমূলক ধাৰণা,আকস্মিক বক্তৃতা আদি প্ৰতিযোগিতা সমুহ সুকলমে অনুষ্ঠিত হয় আৰু উক্ত প্ৰতিযোগিতাত বিচাৰক সকলে ভালদৰে পৰ্য্যবেক্ষণ কৰি প্ৰতিযোগিতাৰ ফলাফল ঘোষণা কৰে ৷
উক্ত প্ৰতিযোগিতাত প্ৰথম,দ্বিতীয়,আৰু তৃতীয় স্থান লাভ কৰা ছাত্ৰ ছাত্ৰী সকলক আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ তৰপৰ পৰা বঁটা বিতৰণ কৰে৷ জিলা সমন্বয়ক আব্দুল হাফিজ চৌধুৰীয়ে জানিবলৈ দিয়ে আৰ্যভট্টৰ বিজ্ঞান প্ৰতিযোগিতা হল চৰকাৰী অনুষ্ঠান ইয়াৰ মাধ্যমত ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ ছাত্ৰী সকলোক বিজ্ঞানৰ প্ৰশিক্ষণ ,বৈজ্ঞানিক মনোভাৱ ,বৈজ্ঞানিক মনস্কতা আদি গঢ় দিয়াৰ উদ্দেশ্যে জিলাখনত বিজ্ঞানৰ প্ৰতিযোগিতা অনুষ্ঠান অনুষ্ঠিত কৰা হয় বুলি মন্তব্য কৰে৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ