

কামৰূপ, ২৪ নৱেম্বৰ (হি.স.)। সোণাপুৰৰ জুবিন ক্ষেত্ৰত উপস্থিত বিধায়ক অখিল গগৈ। উপস্থিত হৈ প্ৰাণৰ শিল্পী গৰাকীলৈ আগবঢ়ালে শ্ৰদ্ধাঞ্জলি
কাইলৈ বিধানসভাৰ অধিবেশনৰ পূৰ্বে জুবিন ক্ষেত্ৰত আশীৰ্বাদ ল'লে বিধায়ক গৰাকীয়ে। জুবিন ক্ষেত্ৰত সাস্তাংগে প্ৰণিপাত কৰি আশীৰ্বাদ ল'লে বিধায়ক গৰাকীয়ে।
উপস্থিত ৰাইজৰ সতে মত বিনিময় কৰি দিলে জয় জুবিন দা,জয় আই অসম ধ্বনি। জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাইজৰ সতে দিলে জুবিন দা অমৰ হওক, জুবিন দাক ন্যায় দিব লাগিব ধ্বনি। জুবিন দাৰ মৃত্যুৰ পিছত এইখন প্ৰথম বিধানসভা অধিবেশন। জুবিন দাৰ পৰা আজি আশীৰ্বাদ ল'বলৈ আহিছোঁ যাতে কাইলৈ অসমবাসীৰ হৈ মাত মাতিব পাৰো। ২ মাহ ৭ দিন হৈ যোৱাৰ পিছতো আজিলৈ কিয় জুবিন গাৰ্গক ন্যায় দিব পৰা নাই চৰকাৰে। এই চৰকাৰ খনে কেৱল জুবিন দাৰ লগত খেলিছে। এইটোৱেই পৃথিৱীৰ একমাত্র ঘটনা যত মৃত্যু ঘটে চিংগাপুৰত তদন্ত হয় অসমত।
কিয় মুখ্যমন্ত্ৰীৰ প্ৰিয়তম অফিচাৰ গৰাকীক এতিয়ালৈ চিংগাপুৰলৈ তদন্ত কৰিব পঠোৱা নাই। কাইলৈ বিধানসভা অধিবেশনৰ পূৰ্বে মনোৰঞ্জন তালুকদাৰ আৰু দেৱব্ৰত শইকীয়াৰ নেতৃত্বত বিৰোধীদলৰ এখন বৈঠক হ'ব।
হিন্দুস্থান সমাচাৰ / Narayan Kar