
গুৱাহাটী, ২৩ নৱেম্বৰ(হি.স.)। ৰাজ্যৰ গৃহ বিভাগৰ এক উচ্চস্থৰীয় সুত্ৰই সদৰি কৰা তথ্য অনুসৰি আলফা(স্বাধীন)ৰ জ্যেষ্ঠ সদস্য অৰুণোদয় দহোতীয়াই এজন দেহৰক্ষীৰ সৈতে আত্মসমৰ্পণ কৰিছে। ভাৰত–ম্যানমাৰ সীমান্তত আত্মসমৰ্পণ কৰা বুলি জানিব পৰা গৈছে। সূত্ৰটোৱে সংবাদ মাধ্যমক অবগত কৰা অনুসৰি অধিক প্ৰক্ৰিয়াৰ বাবে দহোতিয়াক দিল্লীলৈ লৈ যোৱা হ’ব পাৰে।
দহোতীয়াৰ সৈতে ফ্ৰাঞ্চিচ অসম নামৰ আন এজন আলফা(স্বাধীন) সদস্যই আত্মসমৰ্পণ কৰা বুলিও জানিব পৰা গৈছে। আছাম ৰাইফলছৰ উপস্থিতিত দহোতীয়াই আত্মসমৰ্পণ কৰা বুলি জানিব পৰা গৈছে।
এই সন্দৰ্ভত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অৰুণোদয় দহোতিয়া আৰু তেওঁৰ সতীৰ্থক দিল্লীলৈ নিয়াৰ কোনো পৰিকল্পনা নাই বুলি সংবাদ মাধ্যমক অবগত কৰে। অৰুণোদয় দহোতিয়া আৰু তেওঁৰ সতীৰ্থক তিনিচুকিয়াতে ৰখা হব বুলিও মুখ্যমন্ত্ৰীয়ে ব্যক্ত কৰে।
অৱশ্যে অসম আৰক্ষী আৰু অসম ৰাইফলছৰ কৰ্তৃপক্ষই এই সন্দৰ্ভত কোনো তথ্য আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাই।
হিন্দুস্থান সমাচাৰ / ৰমেন বৰ্মণ