মাজুলীত সমূহীয়া মৎস চিকাৰৰ আনন্দ
মাজুলী, ২৩ নৱেম্বৰ (হি.স.)। মাজুলীত সমূহীয়া মৎস চিকাৰৰ আনন্দ৷ আজি আঘোণৰ প্ৰথমটো দেওবাৰ l পূৰ্বৰ দৰে মাজুলীৰ দলঙা পুখুৰীত আঘোণৰ প্ৰথমটো দেওবাৰে মৎস চিকাৰলৈ ওলাই আহিল সকলো৷ মাজুলীৰ গড়মূৰৰ চিতাদাৰৰ কাষত থকা পৌৰাণিক এই পুখুৰীতোত মাছ মৰাৰ পৰম্পৰা বহু য
মাজুলীত সমূহীয়া মৎস চিকাৰৰ আনন্দ


মাজুলী, ২৩ নৱেম্বৰ (হি.স.)। মাজুলীত সমূহীয়া মৎস চিকাৰৰ আনন্দ৷ আজি আঘোণৰ প্ৰথমটো দেওবাৰ l পূৰ্বৰ দৰে মাজুলীৰ দলঙা পুখুৰীত আঘোণৰ প্ৰথমটো দেওবাৰে মৎস চিকাৰলৈ ওলাই আহিল সকলো৷

মাজুলীৰ গড়মূৰৰ চিতাদাৰৰ কাষত থকা পৌৰাণিক এই পুখুৰীতোত মাছ মৰাৰ পৰম্পৰা বহু যুগৰ পূৰণি ৷ পূৰ্বৰ পৰম্পৰা ৰক্ষা পুৰুষ মহিলা সকলো পুৱাৰ পৰা নামিল দলঙা পুখুৰীত৷ হাতে হাতে প'ল, জাকৈ আৰু আঠুৱা লৈ আহিল সকলো৷ কোনোবাই যদি শ'ল , মাগুৰ আৰু বৰালীহ পাইছে, আন কোনোবাই আকৌ পুঠি ,মোৱা ধৰিছে৷ ইফালে এই মৎস চিকাৰৰ আনন্দ ললে মাজুলীৰ সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ ছাত্ৰী সকলে৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande