
নতুন দিল্লী, ২৩ নৱেম্বৰ (হি.স.) উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে কয় যে উন্নত ভাৰত ২০৪৭ৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত চৰকাৰী কৰ্মচাৰীৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ হ’ব। আইন প্ৰয়োগ, স্বচ্ছতা, আৰু দলীয় কামেই হৈছে সুশাসনৰ ভেটি।
অন্ধ্ৰ প্ৰদেশৰ পালাসমুদ্ৰমত থকা নেচনেল একাডেমী অৱ কাষ্টমছ, ইনডাইৰেক্ট টেক্স, এণ্ড নাৰ্কটিক্স (এনএচিআইএন)ত অসামৰিক সেৱাৰ প্ৰশিক্ষাৰ্থীসকলক ভাষণ দি উপ-ৰাষ্ট্ৰপতি চি.পি. ৰাধাকৃষ্ণনে কয় যে ২০২৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নাচিনৰ নতুন চৌহদ উদ্বোধন কৰিছিল, আৰু আজি এই প্ৰতিষ্ঠানটো শুল্ক আৰু জিএছটি প্ৰশাসনৰ সামৰ্থ্য বিকাশৰ এক আগশাৰীৰ কেন্দ্ৰত পৰিণত হৈছে। সৰ্বভাৰতীয় সেৱাৰ সুদৃঢ় ভেটি স্থাপন কৰা চৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী উদযাপনৰ বাবে এই বছৰটোও তাৎপৰ্যপূৰ্ণ।
তেওঁ কয় যে ইউ পি এছ চিয়ে সদায় যোগ্যতা, সততা, আৰু নিৰপেক্ষতাক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিছে। ভাৰতৰ উন্নয়ন যাত্ৰা সৰ্বাংগীন বৃদ্ধিৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে, আৰু সম্পদ সৃষ্টি আৰু সম্পদ বিতৰণ দুয়োটা সমানেই গুৰুত্বপূৰ্ণ।
তেওঁ কয় যে কৰ ফাঁকিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজনীয়, কিয়নো সমাজ আৰু জাতিৰ কল্যাণৰ বাবে আইন প্ৰণয়ন কৰা হয়। আইনৰ ফলপ্ৰসূ আৰু ন্যায্য বলবৎকৰণ নিশ্চিত কৰাটো বিষয়াসকলৰ দায়িত্ব।
তেওঁ বিষয়া প্ৰশিক্ষাৰ্থীসকলক দলীয় উৎকৃষ্টতাক অগ্ৰাধিকাৰ দিবলৈ আহ্বান জনাই কয় যে প্ৰতিষ্ঠান আৰু দেশসমূহ ব্যক্তিগত প্ৰচেষ্টাৰে নহয়, সামূহিক প্ৰচেষ্টাৰ দ্বাৰাহে গঢ় লৈ উঠে। দ্ৰুতগতিত পৰিৱৰ্তিত প্ৰযুক্তিৰ উদ্ধৃতি দি তেওঁ বিষয়াসকলক কৃত্ৰিম বুদ্ধিমত্তা, মেচিন লাৰ্নিং, প্ৰাকৃতিক ভাষা প্ৰক্ৰিয়াকৰণ আৰু ব্লকচেইনৰ দৰে প্ৰযুক্তি গ্ৰহণ কৰিবলৈ আহ্বান জনায়। তেওঁ আইজিওটি কৰ্মযোগীক এক উৎকৃষ্ট সামৰ্থ্য বিকাশৰ মঞ্চ বুলি অভিহিত কৰে।
এই কাৰ্যসূচীত অন্ধ্ৰ প্ৰদেশ চৰকাৰৰ মন্ত্ৰী নৰা লোকেশ, উপ-ৰাষ্ট্ৰপতিৰ সচিব অমিত খাৰে আৰু এনএচিআইএনৰ সঞ্চালক প্ৰধান ড° সুব্ৰমণিয়ানকে ধৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে।
हिन्दुस्थान समाचार / অৰৱিন্দ