
নতুন দিল্লী, ২৩ নৱেম্বৰ (হি.স.)। ঘৰুৱা শ্বেয়াৰ বজাৰত সোমবাৰৰ পৰা শুকুৰবাৰলৈ ব্যৱসায়ৰ পিছত একেৰাহে দ্বিতীয় সপ্তাহৰ বাবে বৃদ্ধিৰ সৈতে বন্ধ হৈ পৰে। শ্বেয়াৰ বজাৰৰ সাপ্তাহিক প্ৰদৰ্শনৰ এই বৃদ্ধিও উল্লেখযোগ্য বুলি বিবেচিত হৈছে কাৰণ আমেৰিকা-ভাৰত বাণিজ্যিক চুক্তিত পলম হোৱা, টকাৰ দুৰ্বলতা আৰু উৎপাদনৰ পিএমআইৰ তথ্য দুৰ্বল হোৱাৰ বাবে ঘৰুৱা শ্বেয়াৰ বজাৰত গোটেই সপ্তাহটো উঠা-নমাৰ সন্মুখীন হ’বলগীয়া হৈছিল। এই উঠা-নমাৰ মাজতো বি এছ ই চেন্সেক্সৰ মূল্য ৮৫,২৩১.৯২ পইণ্টত বন্ধ হয়, যিটো সাপ্তাহিকভাৱে ৬৬৯.১৪ পইণ্ট বা ০.৭৯ শতাংশ বৃদ্ধি পাইছে। একেদৰে এন এছ ই নিফটিৰ মূল্য ২৬,০৬৮.১৫ পইণ্টত বন্ধ হয়, যিটো সাপ্তাহিকভাৱে ১৫৮.১০ পইণ্ট বা ০.৬১ শতাংশ বৃদ্ধি হৈছে।
শুকুৰবাৰে ব্যৱসায়িক সপ্তাহ সমাপ্ত হোৱাৰ পিছত বৃদ্ধিৰ সৈতে বন্ধ হয় বিএছই লাৰ্জ কেপ সূচকাংক। ভাৰতী এয়াৰটেল, মেক্স হেল্থকেয়াৰ ইনষ্টিটিউট, আইচাৰ মটৰ্ছ, ছিমেন্স, আৰু হিৰো মট’কৰ্প আদি সূচকাংকত শীৰ্ষস্থান দখল কৰা সকলৰ ভিতৰত অন্যতম। বাজাজ হোল্ডিংছ এণ্ড ইনভেষ্টমেণ্টছ, জে এছ ডব্লিউ এনাৰ্জী, ভোডাফোন আইডিয়া, হিন্দুস্তান জিংক, বেদান্ত, ডি এল এফ, আৰু টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেড (টি এম পি ভি) আদিয়ে শীৰ্ষ লোকচানৰ ভিতৰত অন্যতম।
লাৰ্জ কেপ সূচকাংকৰ বিপৰীতে সোমবাৰৰ পৰা শুকুৰবাৰৰ ভিতৰত ব্যৱসায়ৰ পিছত বিএছই মিডকেপ সূচকাংক সাপ্তাহিকভাৱে ১ শতাংশ হ্ৰাস পাই বন্ধ হয়। সূচকাংকত শীৰ্ষ লাভ কৰা প্ৰতিষ্ঠানসমূহৰ ভিতৰত মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা ফাইনেন্সিয়েল চাৰ্ভিচেছ, এল টি টেকন’লজি চাৰ্ভিচেছ, জিএমআৰ এয়াৰপৰ্টছ, পিবি ফিনটেক, ৩৬০ ৱান ভ্যাম, আৰু হেক্সাৱেৰ টেকন’লজিছ অন্যতম। কেনছ টেকন’লজি ইণ্ডিয়া, ষ্টাৰ হেল্থকেয়াৰ এণ্ড এলাইড ইনশ্বুৰেন্স কোম্পানী, ভাৰত ডাইনেমিক্স, চুপ্ৰিম ইণ্ডাষ্ট্ৰীজ, কানছাই নেৰ’লেক পেইণ্টছ, আৰু টিউব ইনভেষ্টমেণ্টছ অৱ ইণ্ডিয়াৰ শীৰ্ষ ক্ষতিগ্ৰস্তৰ ভিতৰত আছিল।
একেদৰে ১৭ নৱেম্বৰৰ পৰা ২১ নৱেম্বৰলৈ ব্যৱসায়িক সপ্তাহৰ পিছত সাপ্তাহিক ভিত্তিত বি এছ ই স্মলকেপ সূচকাংক ২ শতাংশ হ্ৰাস পাইছে। এষ্টেক লাইফ চাইন্সেছ, ৫ পইছা কেপিটেল, নাৰায়ণ হ্ৰুদয়াালয়, ভিএল ই-গভৰ্নেন্স এণ্ড আই টি ছলিউচন, শ্ৰী অধিকাৰী ব্রাদাৰ্ছ টেলিভিছন, আৰু ভিএএএছ ফাইনেন্সৰ শ্বেয়াৰ শীৰ্ষ লাভৰ ভিতৰত আছিল। আনহাতে, জয় বালাজী ইণ্ডাষ্ট্ৰীজ, ডেকান চিমেণ্টছ, আৰ আই আৰ পাৱাৰ ইলেক্ট্ৰনিক্স, স্পেকট্ৰম ইলেক্ট্ৰিকেল ইণ্ডাষ্ট্ৰীজ, ৱেবছল এনাৰ্জি চিষ্টেমছ, আৰু ফিচাৰ মেডিকেল ভেঞ্চাৰছৰ শ্বেয়াৰ শীৰ্ষ লোকচানৰ ভিতৰত আছিল, সাপ্তাহিকভাৱে ১৫ৰ পৰা ৩০ শতাংশ হ্ৰাস পাইছে।
বিগত সপ্তাহৰ ভিতৰত খণ্ডগত প্ৰদৰ্শনৰ সন্দৰ্ভত নিফ্টি আই টি সূচকাংক ১.৬০ শতাংশ বৃদ্ধিৰে বন্ধ হয়। একেদৰে নিফটি অটোম’বাইল সূচকাংকই সাপ্তাহিকভাৱে ১ শতাংশ বৃদ্ধি লাভ কৰে। তদুপৰি নিফটি বেংকৰ সূচকাংকতো সাপ্তাহিক ভিত্তিত ০.৬০ শতাংশ বৃদ্ধিৰে বন্ধ হয়। আনহাতে, যোৱা সপ্তাহত ব্যৱসায়ত নিফটি ৰিয়েলটি সূচকাংক ৩.৭০ শতাংশ হ্ৰাস পাইছে। একেদৰে নিফটি মেটাল সূচকাংক সাপ্তাহিক ভিত্তিত ৩.৩০ শতাংশ হ্ৰাস পোৱাৰ বিপৰীতে নিফটি মিডিয়া সূচকাংক ২.৪০ শতাংশ হ্ৰাস পাই সপ্তাহটো বন্ধ হয়।
हिन्दुस्थान समाचार / অৰৱিন্দ