
–৭ টা সোণৰ ,৯ টা ৰূপৰ আৰু ৬ টা ব্ৰঞ্জৰ পদকেৰে তৃতীয় শ্ৰেষ্ঠ দল শোণিতপুৰ
–ভাৰ উত্তোলনৰ জুনিয়ৰ -ছিনিয়ৰ শাখাত বৃষ্টিৰেখা হাজৰিকাৰ দুটাকৈ সোণৰ পদক অৰ্জন
শোণিতপুৰ, ২৩ নৱেম্বৰ (হি স)। শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাই যোৱা কালি শনিবাৰে বিয়লি তেজপুৰৰ অসমীয়া ক্লাব প্ৰাংগনত ২৮ তম ৰাজ্যিক যোগাসন প্ৰতিযোগিতাত শোণিতপুৰ জিলা যোগাসন সন্থাৰ পৰা অংশ গ্ৰহণ কৰি পদক অৰ্জন কৰা খেলুৱৈ সকলৰ লগতে অক্টোবৰ মাহত অনুষ্ঠিত হৈ যোৱা ৰাজ্যিক ভাৰ উত্তোলন প্ৰতিযোগিতাত শোণিতপুৰ ভাৰ উত্তোলন সন্হাৰ পদক প্ৰাপ্ত খেলুৱৈ সকলক উষ্ম অভিনন্দন জ্ঞাপন কৰে ।
এই উদ্দেশ্যে আয়োজিত অভিনন্দন অনুষ্ঠানত উপস্থিত থাকে ক্ৰমে -অসমীয়া ক্লাবৰ সভাপতি অৰুণা দেৱী ,শোণিতপুৰ জিলা শৰীৰ চৰ্চা সন্থাৰ সভাপতি পংকজ কুমাৰ বৰা, শোণিতপুৰ যোগ সন্থাৰ সভাপতি নীলকান্ত শৰ্মা, শোণিতপুৰ ভাৰ উত্তোলন সন্থাৰ সভাপতি হিৰণ্য ভুঞাৰ লগতে একাংশ বিশিষ্ট ব্যক্তিসকল। অনুষ্ঠানটিত বিশিষ্ট অতিথি ৰূপে অংশ গ্ৰহণ কৰি জিলা ক্ৰীড়া বিষয়া প্ৰাঞ্জল দিহিঙীয়াই পদক লাভ কৰা খেলুৱৈ সকলক উৎসাহিত কৰি আগন্তুক সময়তো এই ধাৰা অব্যাহত ৰাখিবলৈ আহ্বান জনায় ।
শোণিতপুৰ যোগ সন্থাৰ উপসভাপতি ভূপেন শৰ্মা আৰু সম্পাদক নমিতা লহকৰে আঁত ধৰা অনুষ্ঠানটিত দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ অবনী কুমাৰ শৰ্মা, ৰঙাপৰা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড০ ৰণেন্দ্ৰ মোহন ডেকা, অসমীয়া ক্লাবৰ প্ৰাক্তন সম্পাদক চিত্তদেৱ শৰ্মা, উপসভাপতি নাৰায়ণ বৰঠাকুৰকে ধৰি বিশিষ্ট ব্যক্তিসকলে অংশগ্ৰহণ কৰা অনুষ্ঠানটিত শোণিতপুৰ ভাৰ উত্তোলনৰ সন্দৰ্ভত সবিশেষ অৱগত কৰে দিৱস মণি বৰুৱাই ।
উল্লেখ্য যে শোণিতপুৰ যোগ সন্থাৰ অন্তৰ্গত খেলুৱৈ সকলে ৭ টা সোণৰ পদক, ৯ টা ৰূপৰ পদক আৰু ৬ টা ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ লগতে শোণিতপুৰ ভাৰ উত্তোলন সন্হাৰ খেলুৱৈ সকলৰ মাজৰ পৰা ৩ টা সোণৰ পদক ,২ টা ৰূপৰ পদক আৰু ১ টা ব্ৰঞ্জৰ পদকেৰে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় । আনহাতে ভাৰ উত্তোলক বৃষ্টিৰেখা হাজৰিকাই জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত দুটাকৈ সোণৰ পদক লাভ কৰে ।উল্লেখ্য যে যোগ ক্রীড়া প্ৰতিযোগিতাত শোণিতপুৰ জিলা তৃতীয় দল হিচাপে পৰিগণিত হয় ।
যোগ ক্রীড়াত ৮ ৰ পৰা ১০ বছৰ ল'ৰাৰ শাখাত জয়ান ভট্টাচাৰ্য্যই সোণৰ ,দেৱাংশ ৰয়ে সোণৰ পদকৰ একে বছৰৰে ছোৱালীৰ জয়িতা ভট্টাচাৰ্য্যই ব্ৰঞ্জৰ পদক অৰ্জন কৰে । সেইদৰে ১২ ৰ পৰা ১৪ বছৰৰ ল'ৰাৰ শাখাত শশাংক কুমাৰ ডেকাই ৰূপৰ আৰু নয়নজ্যোতি নাথে ব্ৰঞ্জৰ পদক অৰ্জন কৰে । ১৪ ৰ পৰা ১৬ বছৰ ল'ৰাৰ শাখাত হিৰক শইকীয়াই ব্ৰঞ্জৰ পদক আৰু একে বছৰৰ ছোৱালী শাখাত মুন্নী দেৱীয়ে ব্ৰঞ্জৰ পদক অৰ্জন কৰে । ছিনিয়ৰ যোগাসনত সোণালী হান্সেপিয়ে সোণৰ পদক, নিকিতা কোঁচে ৰূপৰ পদক, চয়নিকা বৰাই সোণৰ পদক, পুৰবী বৈশ্যই সোণৰ পদক আৰু দেৱশ্ৰী পালে ব্ৰঞ্জৰ পদক অৰ্জন কৰে । সেইদৰে ৪৫ বছৰ উৰ্ধৰ পুৰুষ শাখাত ওংকাৰ জে নাথে সোণৰ পদক আৰু একে বছৰৰে মহিলাৰ শাখাত নৱজোচ নাথে সোণৰ পদক, লালি নাথে ৰূপৰ পদক আৰু পৰিণিতা বৰুৱাই ব্ৰঞ্জৰ পদক অৰ্জন কৰে । ইয়াৰ উপৰি জুনিয়ৰ আৰ্টিষ্টকত ব্ৰঞ্জৰ, ছিনিয়ৰ আৰ্টিষ্টকত ৰূপৰ পদক আৰু ফ্ৰি ফ্ল যোগাত ৰূপৰ পদক অৰ্জন কৰে শোণিতপুৰ দলে ।
হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ