
যোৰহাট, ২৩ নৱেম্বৰ (হি.স.)। বৰ্তমান সময়ৰ আৰু আজি সময় আলোচনীৰ প্ৰকাশক কিৰণ সন্দিকৈৰ দেহাৱসান।
যোৰহাট নগৰৰ ডি চি বি কলেজৰ সমীপৰ সন্দিকৈ পথৰ অভিযন্তা কিৰণ সন্দিকৈ (৭৯) আজি পুৱা ৫:০০ গুৱাহাটী মেডিকেল কলেজত মৃতু হয়৷ চৰকাৰী চাকৰি প্ৰতি মনোনিৱেশ নকৰাকৈ নিজৰ কৰ্মদক্ষতাৰ আত্মপ্ৰকাশ কৰিবলৈ ’গ্ল’বেল মিডিয়া দ্বাৰা যোৰহাটৰ পৰা প্ৰকাশিত সপ্তাহিক বৰ্তমান সময়ৰ আৰু আজি সময়ৰ আলোচনী প্ৰকাশকৰ লগতে উশাহ ’’বিহীন শৈষৰ’’ চুটি চব্বিৰ প্ৰযোজনা কৰিছিল৷ সন্দিকৈ মৃত্যুৰ সময়লৈকে বহুকেইখন চবি আৰু কাকত আলোচনী প্ৰচাৰ আৰু প্ৰকাশৰ দ্বায়িত্ব পালন কৰিছি৷ মৃত্যুৰ সময়ত দুগৰাকী জী জোৱাই আৰু নাতি নাতিনী সংসাৰত এৰিথৈ যায় তেওঁ৷
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু