
নগাঁও, ২৩ নৱেম্বৰ (হি.স.)। আজি জনজাতিকৰণৰ দাবীৰে উত্তাল ৰহা৷ ৰহাত বৃহৎ প্ৰতিবাদী সমদল মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ লগতে একাধিক সংগঠনৰ৷ মধ্য অসম কোচ ৰাজবংশী ছাত্ৰ সন্থা, জনজাতি সুৰক্ষা পৰিষদ অসমৰ উদ্যোগত আৰু মধ্য অসম কোচ ৰাজবংশী উন্নয়ন প্ৰাধিকৰণ দাবী সমিতি, আক্ৰাছু নগাঁও জিলা সমিতি, চুতীয়া যুৱ সন্মিলনী অসমৰ নগাঁও জিলা সমিতি, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থা, সদৌ টাই আহোম ছাত্ৰ সন্থাৰ ৰহা আঞ্চলিক সমিতিৰ সহযোগত কেইবাটাও দাবীৰে ৰহাৰ সৰাগাঁৱত ৰাজপথত উলিওৱা হয় এই গণ গৰ্জন প্ৰতিবাদী সমদল।
ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান, অসমক জনজাতি ৰাজ্য ঘোষণা আৰু অসমত ইনাৰলাইন পাৰ্মিট ব্যৱস্থাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে সংগঠন কেইটাই। ৰহাৰ সৰাগাঁও ৰাস মন্দিৰ প্ৰাংগনৰ পৰা উলিওৱা এই প্ৰতিবাদী সমদলত দুই শতাধিক পুৰুষ মহিলা প্ৰতিবাদকাৰীয়ে হাতে হাতে প্লেকাৰ্ড লৈ ’জনজাতি আমাৰ অধিকাৰ, জনজাতি আমাক লাগিবই, ছয় জনগোষ্ঠীক জনজাতি কৰক, অসম চৰকাৰ হায় হায়’ আদি ধ্বনিৰে উত্তাল কৰি তোলে ৰাজপথ৷ চৰকাৰে ছয় জনগোষ্ঠীক প্ৰতাৰণা কৰি অহা বুলি অভিযোগ তুলি প্ৰতিবাদকাৰী সংগঠনকেইটাই জনজাতি মৰ্যাদা নোপোৱালৈকে ছয় জনগোষ্ঠী ক্ষান্ত নহয় বুলি চৰকাৰক সকীয়াই দিয়ে৷ প্ৰতিবাদী সমদলৰ পূৰ্ৱে এক প্ৰতিবাদী সভাও অনুষ্ঠিত কৰা হয়৷
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ